মানিকপুৰত পুনৰ বানপানীৰ তাণ্ডৱ

কোকিলাঃ বঙাইগাঁও জিলাৰ বৃহত্তৰ মানিকপুৰ অঞ্চলত পুণৰ বানপানীৰ তাণ্ডৱ। নেৰানেপেৰা বৰষুণ আৰু আই মানাহৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে কুৰি খনৰো অধিক গাঁও। ৪ নং আৰু ৫ নং বাশবাৰী, বালাৰপেটৰ, টেনটনপুৰ, কাঁহীবাৰী, ৪নং আৰু ৫নং ভাণ্ডাৰা, আদি কৰি কুৰি খনৰো অধিক গাঁও জলমগ্ন হৈ পৰিছে।

ডাঙাইগাঁও কীৰ্ত্তন পাৰা সংযোগী এক মাত্ৰ মূল পকী পথৰ ওপৰেদি বাগৰিছে পানী। যাতায়ত ব্যাহত হৈ পৰিছে অঞ্চল সমূহৰ। দ্বিতীয় প্ৰলয়ংকাৰী বানপানীৰ বোকা শেষ নহওঁতেই পুণৰ অহা এই বানপানীয়ে অঞ্চল বাসী জনসাধাৰণক মাধমাৰ শোধাইছে। জিলা প্ৰশাসনে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।