
কোকৰাঝাৰঃ বড়োলেণ্ড বিকাশ যোজনাৰ অধীনত বিটিচি কৰ্তৃপক্ষই দৰিদ্ৰ লোকসকলক সকাহ দিয়াৰ উদ্দেশ্যে বিটিএডিৰ চাৰি জিলাত ই ৰিক্সা বিতৰণৰ কাম আৰম্ভ কৰিছে৷ আজি কোকৰাঝাৰ চহৰস্থিত বড়োলেণ্ড অতিথিশালাৰ চৌহদত ই ৰিক্সা বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিটিচিৰ পৰিবহণ বিভাগৰ কাৰ্যবাহী সদস্য জগদীশ সৰকাৰে ৷
উল্লেখ্য যে বিটিচি কৰ্তৃপক্ষই দৰিদ্ৰ লোকসকলক সকাহ দিয়াৰ উদ্দেশ্যে আজি শুভাৰম্ভ কৰা ই ৰিক্সা বিতৰণ কাৰ্যসূচীৰ জৰিয়তে ২০ গৰাকী দৰিদ্ৰ লোকক ই ৰিক্সা প্ৰদান কৰি বিভাগীয় কাৰ্যবাহী সদস্য জগদীশ সৰকাৰে কয় যে বিটিচিৰ চাৰি জিলাত পৰ্যায়ক্ৰমে মুঠ ৮৯০ খনকৈ ই ৰিক্সা দৰিদ্ৰ লোকক প্ৰদান কৰা হ'ব ৷ ইয়াৰে কোকৰাঝাৰ জিলাত ২৩৫ খন, চিৰাং জিলাত ২১০খন ওদালগুৰি জিলাত ২১০খন আৰু বাক্সা জিলাত ২৩৫ টাকৈ ই-ৰিক্সা প্ৰদান কৰা হ'ব বুলি কয় জগদীশ সৰকাৰে ৷
তেওঁ কয় যে সম্পূৰ্ণ ৫০ শতাংশ ৰেহাই মূল্যত ই ৰিক্সাসমূহ প্ৰদান কৰা হ'ব৷ সেয়ে অতি সহজেই দৰিদ্ৰ লোক সকলে এই ই ৰিক্সাসমূহ লোৱাৰ সুযোগ লাভ কৰিব ৷ আনহাতে আজিৰ ই ৰিক্সা বিতৰণী কাৰ্যসূচীৰ জৰিয়তে কোকৰাঝাৰস্থিত বি. বি ইঞ্জিনিয়াৰিং কলেজৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে দুখন বড়োলেণ্ড বাছ আগবঢ়াইছে বিটিচি পৰিবহণ বিভাগে৷
বিভাগীয় কাৰ্যবাহী সদস্য জগদীশ সৰকাৰে কলেজখনৰ অধ্যক্ষ কমল কুমাৰ ব্ৰহ্মৰ হাতত বাছ দুখনৰ ছাবি প্ৰদান কৰি কয় যে ছাত্ৰ-ছাত্ৰীসকলে কলেজলৈ যোৱাৰ সুবিধাৰ্থে বিটিচি কৰ্তৃপক্ষই দুখনকৈ বাছ পূৰ্বে প্ৰদান কৰাৰ বাবে লোৱা সিদ্ধান্ত আজি পূৰণ কৰা হ'ল বুলি কয় ৷
আনহাতে অহা কিছু দিনৰ ভিতৰতে বড়োলেণ্ড বিকাশ যোজনাৰ অধীনত ৩০০ টা উইংগাৰ গাড়ীও ৫০ শতাংশ ৰেহাই মূল্যত ৰাইজলৈ আগবঢ়াব বুলিও জগদীশ সৰকাৰে জানিবলৈ দিছে ৷ তদুপৰি বিটিচি পৰিবহণ বিভাগে কোকৰাঝাৰ চহৰৰ পৰা অচিৰেই ১০ খনকৈ বড়োলেণ্ড যাত্ৰীবাহী বাছ ৰাইজৰ যাতায়াতৰ সুবিধাৰ্থে শিলিগুৰি, শ্বিলং, কাৰ্বি আংলং আৰু ধেমাজিলৈ চলাচল কৰাৰ বাবে আগবঢ়াব বুলিও কয় বিভাগীয় কাৰ্যবাহী সদস্যগৰাকীয়ে ৷ আজিৰ ই ৰিক্সা বিতৰণী সভাত বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে দনেশ্বৰ গয়াৰী, ৰাজীৱ কুমাৰ ব্ৰহ্ম আৰু বিটিচিৰ দীনেশ বড়ো উপস্থিত থাকে৷