নগাঁৱৰ ৰাজপথত উৰণীয়া পখী

নগাঁওঃ ৰাজ্যত নিতৌ পথ দুৰ্ঘটনা সংঘটিত হৈ যুৱকৰ মৃত্যু হোৱাৰ বাতৰি প্ৰচাৰ হৈ আহিছে৷ বিশেষকৈ যোৱা ২৪ ঘন্টাৰ ভিতৰত মঙলদৈ, গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যত প্ৰায় ৫ গৰাকী যৱকৰ বাইক দুৰ্ঘটনাত প্ৰাণ গৈছে৷ একাংশ অভিভাৱকে নিজ সন্তানক অসময়ত বাইক কনি দি অযথা মৰম দেখুওৱাৰ ফলতে এনে কাণ্ড সংঘটিত হৈ অহা বুলি অভিযোগ উত্থাপন হয়৷

তাৰ মাজতে নগাঁও জিলাতো এচাম কম বয়সীয়া উদণ্ড যুৱকৰ দৌৰাত্ম্যই সৰ্বসাধাৰণ লোকৰ মাজত আতংকৰ সৃষ্টি কৰিছে৷ ঘাইকৈ এচাম কম বয়সীয়া যুৱ বাইক চালকৰ চূড়ান্ত অতপালিয়ে সাধাৰণ নাগৰিকক চিন্তিত কৰিছে৷ আনকি দিনে-নিশাই যান-বাহন আইন উলংঘা কৰি তীব্ৰ গতিত বাইক চলোৱাৰ বাবেই বিগত সময়ছোৱাত জিলাখনৰ বিভিন্ন প্ৰান্তত বহুকেইজন যুৱকে অকাল মৃত্যুক সাৱটি লোৱাৰ লগতে ভালেসংখ্যকে আকৌ কম বয়সতে পংগু হয়৷

নিৰ্বিঘ্নে অবাধ গতিত চলি থকা বাইকাৰ্ছৰ সীমাহীন দৌৰাত্ম্যৰ বাবেই এতিয়া প্ৰয়োজনীয় কামত ঘৰৰ পৰা ওলাবলৈ শংকাবোধ কৰিবলগীয়াত পৰিছে সাধাৰণ পথচাৰী৷ একাংশ লোকে তেওলোকক বাইকাৰ্ছৰ বিপৰীতে উৰনীয়া পখী আখ্যা দিবলৈ আৰম্ভ কৰিছে৷ জিলাখনৰ বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথ আৰু গ্ৰামাঞ্চলসমূহৰ কথা বাদেই খোদ নগাঁও চহৰৰ জনবহুল এলেকাৰ মাজেৰে একপ্ৰকাৰ উৰি যাবলৈ চেষ্টা কৰে উদণ্ড বাইকাৰ্ছসকলে৷

সীমাহীন অতপালিয়ে সৰ্বস্তৰৰ লোককে অতিষ্ঠ কৰি তুলিছে৷ পথচাৰীৰ পেটতে হাত-ভৰি লুকুৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে৷ দিনৰ কথাটো বাদেই দোভাগ নিশালৈকে এই পথসমূহত চলে এচাম গুৰু গোঁসাই নমনা সুৰাসক্ত যুৱকৰ উৎপাত আৰু উদণ্ড বাইকাৰ্ছৰ তাণ্ডৱ৷

ইয়াৰে একাংশ বাইকাৰ্ছে কালৈকো কেৰেপ নকৰি জনবহুল স্থানতে বাইকত বহি চিগাৰেটৰ ধোৱা উৰুৱাই অশ্লীল কথা-বাৰ্তাৰে প্ৰায়েই আদ্দাত মত্ত হৈ থকাৰ বিপৰীতে আন এচামে আকৌ নিচাযুক্ত টেবলেট আৰু মদ-ভাং সেৱন কৰি অঘোষিত বাইক চালনাৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা দেখা যায়৷ এইচাম যুৱকৰ উদ্ভণ্ডালিয়ে চূড়ান্ত সীমা অতিক্ৰম কৰি সৰ্বসাধাৰণ ৰাইজক সুকলমে চলা-ফিৰা কৰাত ব্যাপক সমস্যাৰ সৃষ্টি কৰি অহাৰ পিছতো যান-বাহন আৰক্ষী, জিলা পৰিৱহন বিভাগ তথা আৰক্ষী প্ৰশাসনে দৰ্শক হৈ থকাটো দুৰ্ভাগ্যজনক৷