সমুখত পূজা, ৰেলেৰে ডিব্ৰুগড়লৈ অবৈধ চীনা সামগ্ৰী

ডিজিটেল ৰিপ'ৰ্টঃ চীনত নিৰ্মিত সামগ্ৰী বৰ্জন কৰিব লাগে বুলি দেশ জুৰি জাগৰণ সৃষ্টি হোৱাৰ সময়তে উজনিত একাংশ অসাধু ব্যৱসায়ীয়ে সৰবৰাহ কৰিছে দ'মে দ'মে চীনা সামগ্ৰী।

দুৰ্গা পূজাৰ দিন চমু চাপি অহাৰ লগে লগে বৃদ্ধি পাইছে চীনত নিৰ্মিত বিভিন্ন সামগ্ৰীৰ সৰবৰাহ। আৰক্ষী  আৰু শুল্ক বিভাগৰ চকুত ধূলি দি ৰেল যোগে সৰবৰাহ কৰিছে সামগ্ৰীসমূহ।

যোৱা নিশা ডিব্ৰুগড় বাণীপুৰ ৰেল ষ্টেচনত আৰক্ষী আৰু শুল্ক বিভাগৰ বিষয়াই কামৰূপ-ডিব্ৰুগড়-হাওৰা এক্সপ্ৰেছ ৰেলৰ এটা দবাৰ তলা ভাঙি দিয়াৰ পিছতেই পোহৰলৈ  আহিছে এই ৰমৰমীয়া ব্যৱসায়ৰ ছবি। দবাটোৰ তলা ভঙাৰ পিছতে দ'মে দ'মে চীনা খেলনা সামগ্ৰী ওলোৱাৰ লগতে ওলাই পৰে অবৈধ গুটখা, চেন্দেল, কাপোৰ আদি।

উল্লেখ্য যে দবাটোৰ ভিতৰত কোনে কি আনিছিল সেই বিষয়ে ৰেলৰ কৰ্মচাৰী অৱগত নাছিল। পিছত ডিব্ৰুগড়ত ৰেল ৰখোৱাৰ পিছতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা। তলা বন্ধ থকাত ৰেল কৰ্মীয়ে নিৰাপত্তাৰক্ষীক খবৰ দিয়ে।

পিছত আৰক্ষী আৰু শুল্ক বিভাগৰ নিৰ্দিষ্ট বিষয়াই তলা ভাঙি দিয়াত ওলাই পৰে অবৈধভাৱে কঢ়িয়াই  অনা উক্ত সামগ্ৰীসমূহ। ইপিনে তলা ভঙাৰ পিছতে সামগ্ৰীসমূহ নিবলৈ ভোলা দে নামৰ তিনিচুকীয়াৰ এগৰাকী ব্যৱসায়ী ৰেল ষ্টেচনত উপস্থিত হৈছিল যদিও নাছিল কোনো নথিপত্ৰ।

তালৈ চাই সামগ্ৰীসমূহ অবৈধ বুলি নিশ্চিত হোৱাত  জব্দ কৰে ডিব্ৰুগড় আৰক্ষীয়ে। আনহাতে  এই অবৈধ সৰবৰাহত ভোলা দেৰ লগতে ৰেল বিষয়া জড়িত আছে বুলিও একাংশ লোকে সন্দেহৰ আঙুলি টোৱাইছে।