এজাক কণ কণ শিশু কৃষ্ণৰ গুঞ্জনত মুখৰিত বটদ্ৰৱা

ধিংঃ বিশ্ব হিন্দু পৰিষদ বটদ্ৰৱা প্ৰখণ্ডৰ উদ্যোগত যোৱা কালিৰ পৰা অনুষ্ঠিত জন্মাষ্টমীৰ আজি নন্দোৎসৱ উপলক্ষে বটদ্ৰৱাৰ আকাশী গংগাৰ তীৰত শিশু কৃষ্ণ প্ৰতিযোগিতা অনুষ্ঠিত হয়৷

বিয়লি ২ বজাৰ পৰা বৰগীত, দিহানামৰ পাছতে বিশ্ব হিন্দু পৰিষদ নগাঁও জিলাৰ সহকাৰী সম্পাদক ইন্দ্ৰমোহন বৰুৱাই আঁত ধৰা শিশু কৃষ্ণ প্ৰতিযোগিতাৰ শুভাৰম্ভনি কৰে ব্ৰজেন কাকতিয়ে৷ প্ৰশান্ত ভড়ালী, হেমৰাম বায়ন, পংকজ কলিতা, যোগেন কলিতা, যতীন বৰুৱা, মন্টু বৰা, জোনাৰাম বৰা প্ৰমুখ্যে পাঁচ শতাধিক ৰাইজৰ উপস্থিতিত কৃষ্ণৰূপী শতাধিত শিশুৰ গুঞ্জনত দৃষ্টিনন্দন হৈ পৰে৷

আনহাতে নন্দোৎসৱ উপলক্ষে বটদ্ৰৱা থানটো বিয়লি নন্দোৎসৱৰ পাচতি ভাওনা অনুষ্ঠিত হয়৷ ভাওনাৰ শেষত 'গকুলে উদয় যদুমনি' গীত পৰিৱেশনৰ পাচত যোষা-কীৰ্তনীয়া নামৰ মাজেৰে পৰম্পৰাগত বোকা ভাওনা অনুষ্ঠিত হয়৷