
আমগুৰিঃ আমগুৰি নগৰৰ পৰা নাতিদূৰৰ বাঘজান চাহবাগিছাত এগৰাকী বিবাহিতাই আত্মজাহ যোৱাৰ চেষ্টা চলোৱা কাৰ্য্যই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰায় তিনিবছৰ পূৰ্বে ডিমৌ দেউৰীটিং গাঁৱৰ ৰামেশ্বৰ মোডীৰে বাঘজান চাহবাগিছাৰ অলকা মোডীৰ বিবাহ সম্পন্ন হৈছিল যদিও দৈনিক দুয়োৰে মাজত পাৰিবাৰিক কন্দলৰ সূত্ৰপাত হৈছিল৷ বিবাহৰ পাছৰে পৰাই ৰামেশ্বৰ মোডীয়ে নিজা বাসগৃহ ত্যাগ কৰি বাঘজান বাগিছাৰ শহুৰৰ ঘৰত বসবাস কৰিবলৈ লৈছিল৷
পেছাত এগৰাকী অংগনৱাড়ী কৰ্মী অলকা মোডীয়ে আজি স্বামীৰ দৈনিক অত্যাচাৰৰ পৰিণতিত আত্মজাহৰ চেষ্টা চলায়৷ ঘটনা অনুসৰি, আনদিনৰ দৰে আজিও পতি-পত্নীৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে আৰু অলকা মোডীয়ে স্বামীৰ সন্মুখতে গাত কেৰচিন ঢালি জুই লগাই দিয়ে৷ আনহাতে স্বামী ৰামেশ্বৰ মোডীয়ে কাৰোবাক সহায়ৰ বাবে মতাৰ পৰিৱৰ্তে পত্নীৰ জুই লগাৰ দৃশ্য চাই ৰয়৷
ওচৰ চুবুৰীয়া লোকে ঘৰৰ পৰা ধোঁৱা ওলোৱা দেখি ৰামেশ্বৰ মোডীৰ ঘৰত উপস্থিত হৈ জ্বলি থকা অলকা মোডীৰ জুই নুমুৱাই যদিও ইতিমধ্যে প্ৰায় ৮০% জ্বলি যোৱা মহিলাগৰাকীক ততাতৈয়াকৈ যোৰহাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷
আনহাতে ঘটনাস্থলীত জমা হোৱা ৰাইজে অলকাৰ স্বামীক মাৰিবৰ বাবে উদ্যত হৈ পৰে৷ কিন্তু উক্ত সময়তে ঘটনাস্থলীত উপস্থিত হোৱা হালোৱাটিং আৰক্ষীয়ে পৰিস্থতি নিয়ন্ত্ৰণলৈ অনাৰ লগতে ৰামেশ্বৰ মোডীক আটক কৰে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে আৰু আৰক্ষীৰ পৰৱর্তি অনুসন্ধানতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব৷