
নগাঁওঃ প্ৰেমে নামানে জাতি কুল, প্ৰেমে নিচিনে সমাজৰ হুল৷ তেনে এক পৰকীয়া প্ৰেমৰ পৰিণতিত এগৰাকী দুই সন্তানৰ মাতৃক পলুয়াই নি এজন যুৱক আলহী হ’বলগীয়া হ’ল ৰঙাঘৰৰ৷ যিটো ঘটনাই এতিয়া নগাঁও জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
প্ৰাপ্ত খবৰ মতে, নগাঁৱৰ জাজৰি থানাৰ এলেকাধীন নমাটি অঞ্চলৰ ৰত্ন বৰা নামৰ লোকজনৰ পত্নী তথা দুটা সন্তানৰ মাতৃ ৰশ্মি বৰা যোৱা ১১ ছেপ্টেম্বৰত ঘৰৰ পৰাই অন্তৰ্ধান হোৱাত সম্ভাব্য সকলো স্থানতে বিচাৰ-খোছাৰ কৰিও কোনো সন্ধান নোলোৱাত স্বামী ৰত্ন বৰাই পত্নীৰ অপহৰণ হোৱা বুলি স্থানীয় জাজৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷
আৰক্ষীয়ে এজাহাৰৰ ওপৰত ভিত্তি কৰি মহিলাগৰাকীৰ সন্ধানত অভিযানত নামি পৰে৷ এনেদৰে অভিযান চলাই যোৱা ১২ ছেপ্টেম্বৰৰ নিশা গোপন সূত্ৰৰ পম খেদি শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ পৰা মহিলাগৰাকীক বিজন পাল ওৰফে বাপি (২২) নামৰ এজন যুৱকৰ সৈতে উদ্ধাৰ কৰিবলৈ সক্ষম হয় জাজৰি আৰক্ষীয়ে৷ শিমলুগুৰি আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰিবলৈ সমৰ্থ হোৱা মহিলাগৰাকীক পিছদিনা জাজৰি আৰক্ষীয়ে নগাঁৱলৈ অনাতহে আচল কথা পোহৰলৈ আহে৷
প্ৰকৃততে মহিলাগৰাকী অপহৃত হোৱা নাছিল বা অপহৰণ কৰা নাছিল৷ দীৰ্ঘদিনে থকা পৰকীয়া প্ৰেমৰ অন্তত প্ৰেমাস্পদ শিমলুগুৰিৰ যুৱক বাপিৰ লগত পলাইহে গৈছিল৷ ইতিমধ্যে জাজৰি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ড বিধিৰ ৩৬৬ নং ধাৰাত ১১৬/১৭ নম্বৰত এটি গোচৰ পঞ্জীয়ণ কৰি ধৃত প্ৰেমিকজনক ৰঙাঘৰলৈ প্ৰেৰণ কৰাৰ বিপৰীতে মহিলাগৰাকীক মাকৰ ঘৰলৈ যাব দিয়া বুলি জানিব পৰা গৈছে৷