আমগুৰিত কিশোৰৰ সলিল সমাধি

আমগুৰিঃ আমগুৰিত এগৰাকী ১৩ বছৰীয়া কিশোৰৰ সলিল সমাধি ঘটাত শোকৰ ছাঁ পৰে অঞ্চলটোত৷ জানিব পৰা মতে, আমগুৰি দৈনিক বজাৰৰ প্ৰদীপ চাও আৰু পূজা চাওৰ ১৩ বছৰীয়া পুত্ৰ বিকাশ চাৱে সমনীয়াৰ সৈতে খেলিবলৈ ওলাই গৈ জাঁজী নৈত পৰি সলিল সমাধি ঘটিল।

বিশ্বকৰ্মা পূজাত যাম বুলি ঘৰৰ পৰা ওলাই গৈ তিনিজন সমনীয়াৰ সৈতে জাঁজী নৈত গা-ধুবলৈ নামোতেই নদীৰ সোঁতে বিকাশ চাওক উটুৱাই নিয়ে।

সমনীয়াই চিঞৰ বাখৰ কৰাত স্থানীয় কেইবাজনো লোকে উদ্ধাৰৰ চেষ্টা চলাই যদিও বিফল হয়৷ প্ৰায় আধা ঘন্টাৰ পিছত কিশোৰ বিকাশক উদ্ধাৰ কৰি আমগুৰি সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসকে মৃত্যু হোৱা বুলি কয়৷ বিকাশৰ মৃত্যুত শোকৰ ছাঁ পৰে অঞ্চলটোত।