লখিমপুৰত দলং মেৰামতিৰ দাবীত প্ৰতিবাদ

লখিমপুৰঃ পথ-দলং মেৰামতিৰ দাবীত লখিমপুৰত ৰাইজৰ উত্তাল প্ৰতিবাদ৷ লখিমপুৰৰ বগীনদী উন্নয়ন ঐক্যৰ উদ্যোগত কেইবাশতাধিক লোকে লখিমপুৰৰ বগীনদীত ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰি দলং মেৰামতি কৰাৰ দাবী জনায়।

ধেমাজি লখিমপুৰ সংযোগী ১৫নং ৰাষ্ট্রীয় ঘাইপথৰ বগীনদী দলংৰ জৰাজীৰ্ণ অৱস্থাই ৰাইজক ব্যাপক সমস্যাত পেলাই অহাৰ পিছতো চৰকাৰে দলং খন মেৰামতি কৰাত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছিল৷

অতিষ্ঠ ৰাইজে আজি ৰাজ পথলৈ ওলাই আহি বগীনদী উন্নয়ন ঐক্য মঞ্চৰ উদ্যোগত ১৩ টাকৈ জাতীয় সংগঠনে দলং খনৰ শীঘ্ৰে মেৰামতিৰ দাবী জনায় দুঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে। ১৯৭৩ চনতে নিৰ্মাণ কৰাই দলং খন ওপৰৰে মেৰামতিৰ অভাৱত জহি খহি যোৱাত অতি বিপদ সংকুল ভাবে যান-বাহন, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল, ব্যৱসায়ী আদি আহ-যাহ কৰি আহিছে৷