সমনীয়াৰ সৈতে গা ধুবলৈ গৈ উভতি নাহিল লংকাৰ সম্ৰাট

লংকাঃ বিশ্বকৰ্মা পূজাৰ আনন্দ উল্লাসৰ মাজতেই দেওবাৰে লংকাত সংঘটিত হয় এক কৰুণ ঘটনা৷ ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে, লংকা আৰক্ষী থানাৰ অন্তৰ্গত লংকাৰ কাশীপুৰত দেওবাৰে দুপৰীয়াৰ ভাগত সমনীয়াৰ সৈতে পুখুৰীত গা ধুবলৈ বুলি উলাই গৈ শংকৰ পালৰ একমাত্ৰ পুত্ৰ সম্ৰাট পাল (১৩) নামৰ কিশোৰটি সন্ধানহীন হৈ পৰে।

ইফালে কিশোৰটি নিৰুদ্দেশ হোৱাৰ খবৰ পাই স্থানীয় লোকে কিশোৰটিৰ সন্ধানত নামি পৰে যদিও কিশোৰটিৰ সন্ধান উলিয়াবলৈ সক্ষম নহ’ল৷ পিছত, এচ ডি আৰ এফ বাহিনীৰ লোকক খবৰ দিয়াত ঘটনাস্থলীত এচ ডি আৰ এফ বাহিনী উপস্থিত হৈ কিশোৰটিৰ সন্ধানত নামি পৰে৷

প্ৰায় ৩ ঘন্টা জুৰা অভিযানৰ অন্তত পুখুৰীৰ পৰা সন্ধানহীন কিশোৰটিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ পিছত মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়৷