ধুবুৰীত উপাযুক্তৰ শ্ৰমদান, স্বচ্ছতাই সেৱাৰ প্ৰচাৰ অভিযান

গোলকগঞ্জঃ স্বচ্ছাতাই সেৱা বিষয়ক দেশজুৰি চলি থকা প্ৰচাৰ অভিযানৰ অংশ হিচাপে দেওবাৰে ধুবুৰী চহৰত চাফাই অভিকৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷

এই শ্ৰমদান কাৰ্যসূচীত জিলা উপায়ক্ত ধীৰাজ চৌধুৰী, অতিৰিক্ত উপাযুক্ত পল্লৱ মজুমদাৰ, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই প্ৰমূখ্যে কৃষি, কৰ, গড়কাপ্তানি, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ জ্যেষ্ঠ বিষয়া, নেহেৰু যুৱ কেন্দ্ৰৰ স্বেচ্ছাসেৱী, বি এন কলেজৰ এন চি চি ছাত্ৰ আৰু শতাধিক স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।

এই কাৰ্যসূচীৰ অধীনত ধুবুৰী বিদেশী ন্যায়াধীকৰণ কাৰ্যলয় চৌহদত দীৰ্ঘদিন ধৰি থকা এটা বৃহৎ আৰ্বজনাৰ দম সম্পূৰ্ণ পৰিস্কাৰৰ উপৰিও বাট-পথ সমূহো নিকা কৰা হয়। উল্লেখযোগ্য যে যোৱা ১৫ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা এই প্ৰচাৰ অভিযানৰ অহা ২ অক্টোবৰৰ গান্ধী জয়ন্তীৰ দিনটোত সামৰণি পৰিব৷

সেই দিনা ধুবুৰীত অনুষ্ঠিত হ'বলগীয়া ৰাজহুৱা সভাত চাফ-চিকুণতাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ বিবেচিত হোৱা পূজা সমিতি, বিদ্যালয় আৰু গাঁৱক পুৰস্কৃত কৰা হ’ব বুলি জিলা জনসংযোগ বিষযাই জানিবলৈ দিয়ে। এই পষেকজোৰা কাৰ্যসূচী পৰিচালনা কৰিছে জিলা পানী আৰু অনাময় সমিতিয়ে৷