তেজপুৰত চোৰাং কাঠ জব্দ

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

তেজপুৰঃ তেজপুৰত সোমবাৰে নিশা বন বিভাগৰ অভিযানত জব্দ হ'ল এখন চোৰাং কাঠ ভৰ্তি ট্ৰাক৷ AS-12E-5377 নম্বৰৰ ট্ৰাক খনেৰে নচোৰাং কাঠ খিনি অৰুণাচলৰ পৰা কঢ়িয়াই আনিছিল৷

প্ৰায় ৫ লক্ষাধিক মূল্যৰ কাঠখিনি বন বিভাগে অভিযান চলাই তেজপুৰৰ কেহেৰুখন্দাত জব্দ কৰিবলৈ সক্ষম হয়৷ আৱশ্যে বন বিভাগৰ দল সন্মুখত দেখি ট্ৰাকৰ চালকজনে গাড়ী এৰি পলাই সাৰিবলৈ সক্ষম হয়৷