অসমীয়া মাধ্যমৰ বিদ্যালয় ধ্বংস নকৰিব, চৰকাৰক সকীয়নি, ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ

গুৱাহাটীঃ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত মঙলবাৰে ৰাজ্য জুৰি ৰাজ পথলৈ ওলাই আহিল ৰাইজ৷ আছুৰ বেনাৰৰ তলত সমবেত হৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে৷ ৰাজ্য চৰকাৰ খনে জনবিৰোধি নীতি অৱলম্বন কৰি কেবাটাও সিন্ধান্ত লোৱাত ৰাইজ ক্ষোভিত হৈ পৰে৷

অগপ, বিজেপি, বিপিএফ মিত্ৰ জোঁট চৰকাৰৰ বিৰুদ্ধে ৰাজ্যৰ দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে ৰাজ্যৰ অন্যতম জাতীয়তাবাদী সংগঠন সদৌ অসম ছাত্ৰ সন্থাই বিগত কেবাদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বিজেপি নেতৃত্বাধীন ৰাজ্য-কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে৷ মৌলিক সমস্যা সমাধানত ব্যৰ্থ চৰকাৰ খনে মাতৃ ভাষাৰ বিদ্যালয়সমূহ ধ্বংস কৰাৰ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে৷

ৰাজ্যৰ ৫০খন বিদ্যালয় কেন্দ্ৰীয় বৰ্ডৰ অধীনলৈ নিয়াৰ সিদ্ধান্ত বাতিল কৰা, ছেবাৰ গ্ৰহণযোগ্যতা শেষ কৰিবলৈ গ্ৰেছ নম্বৰ দিয়া বিষয় ৰাজহুৱা কৰা, ৰাজ্যৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ত অনা অসমীয়া শিক্ষকক নিযুক্তি দিয়া বন্ধ কৰা আদি দাবী উত্থাপন কৰে আছুৱে৷

ৰাজহুৱা খণ্ডৰ মাতৃভাষাৰ শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি উন্নত কৰা, চৰকাৰী ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয় স্থাপনৰ সিদ্ধান্ত বাতিল কৰা, দীনদয়াল উপ্যাধায়ৰ পৰিৱৰ্তে অসমৰ বৰেণ্য ব্যক্তিৰ নামত আদৰ্শ মহাবিদ্যালয় স্থাপন কৰা, ছেবাক সংস্কাৰ কৰা, প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয়লৈ ছাত্র-ছাত্রীক শৈক্ষিক সমস্যা সমাধান কৰাৰ দাবী উত্থাপন কৰি মঙলবাৰে ৰাজ্যজুৰি সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে৷

আনহাতে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধিনৰ মহাবিদ্যালয় সমূহৰ মেজৰ বিষয়ত ইংৰাজী মাধ্যম বাধ্যতামূলক কৰাত সংগঠনটোৱে জাঙুৰ খাই উঠে৷ সংগঠনটোৰ জিলা সমিতিসমূহে জিলা সদৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰে৷

ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি জনমতৰ বিৰুদ্ধে নাযাবলৈ চৰকাৰক সকীয়াই দিয়ে৷ ৰাজ্য চৰকাৰক অসমীয়া মাধ্যমৰ বিদ্যালয় ধ্বংস কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰিবলৈও সকীয়াই দিয়ে সংগঠনটোৱে৷ আনহাতে সংগঠনটোৰ প্ৰতিখন জিলা সমিতিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক একোখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি দাবীসমূহ পূৰণ কৰাৰ দাবী জনায়৷

NNO হৰিশিঙাঃ ওদালগুৰি জিলাতো মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত বহিৰাগত শিক্ষক নিযুক্তি দিয়া বন্ধ কৰা, অসমত ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয় স্থাপন কৰা, বড়োলেণ্ড বিশ্ববিদ্যালয়ে বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয় সমূহত অসমীয়া ভাষাক নিঃশেষ কৰাৰ ষড়যন্তৰে মেজৰ বিষয়ত ইংৰাজী মাধ্যম বাধ্যতামূলক কৰা কাৰ্য বাতিল কৰা, দীনদয়াল উপাধ্যয়ৰ নামত ২২খন মহাবিদ্যালয় স্থাপন কৰিবলৈ লোৱা সিদ্ধান্ত বাতিল কৰা, মাতৃভাষা মাধ্যমৰ সকলো সমস্যা সমাধানৰ দাবীত ওদালগুৰি জিলা ছাত্ৰ সন্থাই মঙলবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে৷

NNO লখিমপুৰঃ লখিমপুৰত আছুৰ বিক্ষোভ। অসমত দীনদয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় স্থাপনৰ বিৰোধিতা কৰি আছুই প্ৰতিবাদ সাব্যস্ত কৰে ৷ লখিমপুৰতো সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে৷ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদত সাব্যস্ত কৰে মাতৃভাষাৰ বিদ্যালয় ধ্বংস কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰিবলৈ দাবী জনাই ৰাজ্য চৰকাৰক৷

NNO নলবাৰীঃ সদৌ অসম ছাত্ৰ সন্থাৰ নলবাৰী জিলা সমিতিয়ে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। দীনদয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় স্থাপন আৰু অসমত অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ সকলো সমস্যা সমাধানৰ দাবীত নলবাৰী জিলা ছাত্ৰ সন্থাই নলবাৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। ছাত্ৰ সংগঠনটোৱে শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে। সংগঠনটোৱে বিভিন্ন শ্ল’গান দি শিক্ষামন্ত্ৰীগৰাকীক সকীয়াই দিয়ে। পিছত প্ৰতিবাদী সমদলটোৱে জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয়৷ সংগঠনটোৱে মুখ্যমন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে অতিৰিক্ত উপায়ুক্তৰ জৰিয়তে৷