লাওঁখোৱাত বনকৰ্মীৰ গুলীত নিহত অবৈধ মাছমৰীয়া

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

নগাঁওঃ লাওঁখোৱা অভয়াৰণ্যত আজি এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়৷ অভয়াৰণ্যত কৰ্মৰত বনকৰ্মীৰ গুলীত কছাৰিগাঁও কঠাঁলগুৰিৰ মনিৰুদ্দিন নামৰ মাছমৰীয়াজন নিহত হয়৷

জানিব পৰা মতে, অবৈধ মাছমৰীয়াৰ বিৰুদ্ধে বনকৰ্মীৰ অভিযানকালত সংঘটিত হয় এই ঘটনা৷ দীৰ্ঘদিনৰে পৰা অবৈধভাৱে একাংশ মাছমৰীয়াই অভয়াৰণ্যখনত মাছ মাৰি আহিছিল৷ আজি মাছমৰীয়াক খেদিব যাওতে বনকৰ্মীৰ লগত সংঘৰ্ষত লিপ্ত হয় মাছমৰীয়াসকল৷

অবৈধ মাছমৰীয়াৰ দল এটাই বনকৰ্মীৰ ওপৰত আক্ৰমণ চলাই ৫ বনকৰ্মীক আঘাতপ্ৰাপ্ত কৰে৷ শেষত উপায়হীন হৈ বনকৰ্মীয়ে অবৈধ মাছমৰীয়াৰ ওপৰত গুলী চলাবলৈ বাধ্য হৈ পৰে৷ বনকৰ্মীৰ গুলীত এজন ব্যক্তি নিহত হয়৷

আনহাতে মাছমৰীয়াৰ আক্ৰমণত আঘাতপ্ৰাপ্ত ভৱানন্দ বাৰ্মা নামৰ বনকৰ্মীগৰাকীক সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়৷