কাইলৈ যোৰহাট বন্ধ

মৰিয়নীঃ যোৰহাটৰ প্ৰাক্তন উপাযুক্ত সোলাংকী বিশাল বসন্তক আনটাইড ফাণ্ড কেলেংকাৰিৰ তদন্তলৈ অনাৰ দাবীত ২০ ছেপ্তেম্বৰত যোৰহাট জিলা বন্ধ ঘোষণা কৰিছে সাতটা জাতীয় সংগঠনে৷ যোৰহাট জোকাৰি যোৱা বহু কোটি টকীয়া আনটাইড ফাণ্ড কেলেংকাৰিত জড়িত দুজন এচিএছ বিষয়াৰ লগতে ঠিকাদাৰ উজ্জলজ্যোতি বৰাক যোৰহাট প্ৰশাসনে গ্ৰেপ্তাৰ কৰে যদিও দুৰ্নীতি সংঘটিত হোৱাৰ সময়ত যোৰহাটৰ উপায়ুক্ত হৈ থকা এতিয়াৰ মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিব সোলাংকিক উক্ত কেলেংকাৰীত তদন্ত আওতালৈ ননাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যোৰহাটৰ প্ৰায় সাতটা জাতীয় সংগঠনে।

পৰিৱৰ্তনকামী চৰকাৰে দুৰ্নীতিক প্ৰশ্ৰয় নিদিও বুলি কোৱাৰ পিছতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কিয় আনটাইড ফাণ্ড কেলেংকাৰিৰ অভিযুক্ত সোলাংকিক ব্যক্তিগত সচিবৰ পৰা অপসাৰণ কৰা নাই অথৱা তেওঁৰ বিৰুদ্ধে কিয় কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰিলে সেয়া লৈ বিভিন্ন দল-সংগঠন আৰু স্থানীয় সচেতন মহলৰ মাজত প্ৰশ্নৰ অবতাৰণা হৈছে।

অসম গণ অধিকাৰ সংগ্ৰাম সমিতিয়ে অভিযোগ কৰে যে সোলাংকী যোৰহাট জিলাৰ উপায়ুক্ত হৈ থকাৰ কালত আনটাইড ফাণ্ড বিধান সভা উন্নয়ন পুঁজি, সংসদীয় উন্নয়ন কল্পতৰুকে ধৰি বিভিন্ন আঁচনিৰ ধন আত্মসাৎ কৰাৰ তথ্য চি এম ভিডিলেন্সৰ এজাহাৰ আৰু তথ্য জনাৰ আইনৰ জৰিয়তে জনা গৈছে।

এই কেলেংকাৰী অভিযোগত অঞ্জনাভ চলিহা, বুবুল লেখাৰু আৰু উজ্জলজ্যোতি বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও সোলাংকি বিশাল বসন্তক মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিব কৰি ৰখাটো তাৎপৰ্য্যপূৰ্ণ বিবেচিত হৈছে।

যাৰ প্ৰতিবাদত ২০ ছেপ্তেম্বৰত যাতীয় সংগঠনসমূহে পূৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ বাৰ ঘণ্টীয়া যোৰহাট বন্ধৰ ঘষণা কৰিছে৷