মাৰ্ঘেৰিটা মহাবিদ্যালয় নিৰ্বাচন প্ৰসংগ, ৰাজপথলৈ ওলাই আহিল মহিলা

মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন কাণ্ডক কেন্দ্ৰ কৰি আজিও সমগ্ৰ তিনিচুকীয়া জিলাত অব্যাহত আছে প্ৰতিবাদৰ জোৱাৰ৷ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত জিলাখনৰ মাৰ্ঘেৰিটা, তিনিচুকীয়া নগৰ, ডাঙৰী আৰু ডুমডুমাত ৰাজপথ অৱৰোধেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়৷

মাৰ্ঘেৰিটাত তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত আৰু মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থা তথা সুৰভি মহিলা সমিতিৰ সহযোগত দিনৰ ১২ বজাৰ পৰা দুই ঘন্টা ধৰি প্ৰতিবাদকাৰী সকলে আছুৰ মাৰ্ঘেৰিটা আঞ্চলিক কাৰ্যালয়ৰ সন্মুখত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা অৱৰোধেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷

যোৱা ১৮ চেপ্তেম্বৰৰ দিনা প্ৰতিবাদী ছাত্ৰী আৰু নিৰিহ মহিলাৰ ওপৰত পুৰুষ আৰক্ষীৰ দ্বাৰা বৰ্বৰ ভাৱে লাঠিচালনা কৰাৰ প্ৰতিবাদত মাৰ্ঘেৰিটা নগৰত আছুৰ সৈতে সুৰভি মহিলা সমিতিৰ নেতৃত্বত নগৰখনৰ প্ৰায় অৰ্ধশতাধিক মহিলাই ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে৷

আনহাতে, তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি বিনয় ডুবে আৰু সম্পাদক সমৰজ্যোতি গোহাঁইৰ দ্বাৰা স্বাক্ষৰিত এক স্মাৰক পত্ৰ জিলা উপায়ক্তলৈ প্ৰেৰণ কৰা হয়৷ ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীৰ বৰ্বৰ লাঠিচালনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কৰোৱা, অধ্যক্ষ ড° বুধিন গগৈক তাৎক্ষণিক ভাৱে বৰ্খাস্ত কৰা, মহাবিদ্যালয়খনত অবৈধভাৱে অনুষ্ঠিত হৈ যোৱা একতা সভাৰ নিৰ্বাচন পুনৰ অনুষ্ঠিত কৰা আৰু অধ্যক্ষজনক গ্ৰেপ্তাৰ কৰি নিৰপেক্ষ তদন্তৰ দাবী জনাইছে আছুৱে৷

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা লিখিত বিবৃতিৰ জৰিয়তে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সম্পাদক সমৰজ্যোতি গোহাঁইয়ে ছাত্ৰ সংগঠনটোৰ হৈ বিধায়ক ভাস্কৰ শৰ্মাক ৰাষ্ট্ৰীয় সম্পদ লুন্ঠনকাৰীৰ চৰ্দাৰ আখ্যা দিয়ে৷ তেওঁ স্থানীয় প্ৰশাসনৰ সৈতে মিতিৰালিৰে মহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰ প্ৰতিবাদী সত্বাক মষিমুৰ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলিো অভিযোগ কৰে ছাত্ৰ সন্থাৰ সম্পাদকগৰাকীয়ে৷

লগতে, মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ বিতৰ্কিত অধ্যক্ষ ড° বুধিন গগৈয়ে শাসক পক্ষক তৈলমৰ্দনেৰে তদন্তৰ পৰা বাচিবৰ বাবে ব্যক্তিগত স্বাৰ্থসিদ্ধিৰ লক্ষ্যৰে মহাবিদ্যালয়খনক গেৰুৱাকৰণ কৰিবলৈ চেষ্টা কৰিছে বুলিও অভিযোগ উত্থাপিত হয়৷

প্ৰশাসনৰ সৈতে মিলি মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত লাঠিচালনা কৰোৱাই বলিৰ পঠা সজোৱাইছে বুলি অভিযোগ কৰি অতিশীঘ্ৰে তেওঁক গ্ৰেপ্তাৰ নকৰিলে আছুৰ প্ৰতিবাদে আৰু জংগীৰূপ ধাৰণ কৰিব বুলি সকিয়াই দিয়ে ছাত্ৰ নেতাজনে৷

আনহাতে, সম্পাদক সমৰজ্যোতি গোহাঁইয়ে সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা গৈ অসমৰ মুখ্যমন্ত্ৰী হোৱা সৰ্বানন্দ সোণোৱালে সমগ্ৰ ঘটনাৰাজীক লৈ মৌনব্ৰত ধাৰণ কৰাক লৈ আশ্চৰ্যতা প্ৰকাশ কৰে৷

আছুৰ প্ৰাক্তন সভাপতিৰ দৃষ্টিৰে নীৰিহ ছাত্ৰ-ছাত্ৰীৰ ওপৰত হোৱা আৰক্ষীৰ এই বৰ্বৰ লাঠিচালনাৰ বিষয়টোক গ্ৰহণ কৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীক৷