
কোকৰাঝাৰঃ বিটিচি চৰকাৰৰ তৰফৰ পৰা নাথ যোগীসকলৰ জনজাতিকৰণৰ দাবীক আমি কেতিয়াও বিৰোধীতা নকৰো। এই মন্তব্য প্ৰকাশ কৰিছে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।
আজি কোকৰাঝাৰ জিলা যোগী সন্মিলনীৰ ২৪ তম দ্বিবাৰ্ষিক অধিৱেশন উপলক্ষে অনুষ্ঠিত হোৱা মুকলি সভা তথা শ্বহীদ মনবৰ নাথৰ স্মৃতিত কোকৰাঝাৰৰ ভূটীয়াপাৰাস্থিত ড° ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত উদযাপিত হোৱা শ্বহীদ দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি হাগ্ৰামা মহিলাৰীয়ে উক্ত মন্তব্য প্ৰকাশ কৰে।
♦ নাথ যোগীৰ জনজাতিকৰণত বিটিচি চৰকাৰে বাধা নিদিয়েঃ হাগ্ৰামা
♦ নাথ যোগীৰ জনজাতিকৰণলৈ সমৰ্থন উত্তৰ-পূৱ খিলঞ্জীয়া মঞ্চৰ

বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নিজ ভাষণ প্ৰসংগত কয় যে সকলো জাতি জনগোষ্ঠীৰ সমৰ্থনত হে বিটিচি গঠন হৈছিল আৰু সেয়েহে নাথ যোগীকে ধৰি সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ বাবে বিটিচি চৰকাৰ বদ্ধপৰিকৰ। নাথ যোগীসকল জনগোষ্ঠীৰ উন্নয়নৰ বাবে বিটিচি চৰকাৰে জনগোষ্ঠীটোৰ পৰা এগৰাকী মনোনীত সদস্যৰ নাম চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে যদিও বিষয়টো ন্যায়ালয়ৰ মজিয়া পোৱাত এতিয়া অপেক্ষাৰ বাহিৰে আন কোনো পথ নাই বুলি সদৰী কৰিছে।
কোকৰাঝাৰ জিলা যোগী সন্মিলনী আৰু নাথ যোগী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত আজি অনুষ্ঠিত হোৱা শ্বহীদ দিৱসৰ কাৰ্যসূচীত উত্তৰ পূৱ খিলঞ্জীয়া মঞ্চৰ মুখ্য আহ্বায়ক অনুপ চেতিয়াই অসমত খিলঞ্জীয়া জনগোষ্ঠীৰ দুৰ্ভোগৰ কথা সদৰী কৰি সকলো খিলঞ্জীয়া জনগোষ্ঠীকে ঐক্যবদ্ধ হোৱাৰ আহ্বান জনায়।
তেওঁ অসমৰ নাথ যোগীসকলৰ জনজাতিকৰণ দাবীৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়ায়। সভাত উপস্থিত থকা সদৌ অসম তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মনুজ গগৈয়ে শ্বহীদ মনবৰ নাথৰ মঞ্চৰ পৰাই শেষৰখন শৰাইঘাটৰ ৰণৰ পোষকতা কৰি যি ৰণে চিৰদিনলৈ অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব আৰু স্বাধীকাৰ ৰক্ষা কৰিব বুলি মন্তব্য কৰে।

লোকে লোকাৰণ্য হোৱা উক্ত সভাত এবছুৰ কেন্দ্ৰীয় সম্পাদক লৰেঞ্চ ইছলাৰীয়ে বড়োৱে আন্দোলনৰ সময়ছোৱাত নাথ যোগীসকল বড়োৰ সুখ-দুখ আৰু সংগ্ৰামৰ সহযোগী আছিল আৰু সেয়েহে নিখিল বড়ো ছাত্ৰ সন্থাই নাথ যোগীৰ সহযোগী হিচাপে থাকিব আৰু উপগ্ৰহীয় স্বায়ত্বশাসনকে ধৰি আন দাবীবোৰৰ প্ৰতি সমৰ্থন আগবঢ়াব বুলি ঘোষণা কৰে।
উক্ত সভাত উপস্থিত থকা আদিৱাসী জাতীয় মহাসভা , সংগ্ৰামী মঞ্চৰ সম্পাদক বীৰসিং মুণ্ডা আৰু আক্ৰাছুৰ সভাপত হিতেশ্বৰ বৰ্মনে নাথ যোগীৰ জনজাতিকৰণ দাবীৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়ায়। ভূমিধৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সম্পাদক ধীৰেন নাথে নাথ-যোগী জনগোষ্ঠীৰ ইতিবৃত্ত বিৱৰি কৈ নাথ-যোগী জনগোষ্ঠীৰ প্ৰতি দেখুওৱা চৰকাৰৰ অৱহেলাক সমালোচনা কৰে।
নাথ যোগীৰ উক্ত অনুষ্ঠানত আছুৰ সহকাৰী সম্পাদক নৱজ্যোতি ৰায়, বিটিএডি নাথ যোগী সন্মিলনীৰ সভাপতি প্ৰকাশা নন্দ নাথ, সম্পাদক ধনঞ্জয় নাথ, সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি লক্ষণ নাথ আৰু সম্পাদক অৰবিন্দ নাথকে ধৰি জনগোষ্ঠীটোৰ বহু নেতা কৰ্মী উপস্থিত থকাৰ লগতে প্ৰতিকুল বতৰকো নেওচি কেবা সহস্ৰাধিক জনতাই অংশগ্ৰহণ কৰে। উল্লেখ্য যে ইয়াৰ পূৰ্বে কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আদি কাৰ্যসূচীসমূহ অনুষ্ঠিত হয়।