নীপকোৱে দিব লাগিব বান ক্ষতিগ্ৰস্তক ক্ষতিপুৰণ

লালুকঃ নিজ ইচ্ছামতে নীপকোৱে এৰি দিয়া পানীয়ে মুহূৰ্ততে লখিমপুৰ জিলাৰ হাজাৰ হাজাৰ লোক ঘৰ-দুৱাৰ হেৰুৱাই নিঠৰুৱা হৈছিল৷ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পই এৰি দিয়া পানীয়ে ক্ষতি কৰা লোকসকলক সাহায্য প্ৰদানৰ দাবী জনাই ৰাজ্য উত্তাল হৈ পৰিছিল৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে ৩ আগষ্টৰ পৰা প্ৰায় ৬০ ঘন্টা আমৰণ অনশন কৰি ৰাজ্য চৰকাৰক বানত ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপুৰণ দিয়াৰ দাবী জনায়৷

তাৰ মাজতে ৰাজ্য চৰকাৰে আলোচনাৰ উদ্যোগ লয়৷ ৰাজ্য চৰকাৰৰ মুখ্য সচিব আৰু নীপকো জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষই ইতিমধ্যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সৈতে ৰাজ্যৰ মুখ্য সচিব পর্যায়ত আলোচনাত বহিছে৷ আনহাতে আছুৱে যোৱা ১৭ জুলাইত লখিমপুৰ শ্বহীদ ভৱনৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি লখিমপুৰ জিলাত প্ৰলয়ংকাৰী বান সৃষ্টি কৰা নীপকোৰ বান্ধ বন্ধ কৰা আৰু মানুহৰ জীৱন, সম্পত্তি ধ্বংস কৰা ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে কঠোৰভাৱে তদন্ত কৰি সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সংগঠনটোৱে দাবী জনায়৷

লখিমপুৰ জিলাৰ বানৰ কবলত পৰা ৰাইজৰ বাবে এহেজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰাৰ লগতে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ বানপানীয়ে ক্ষতিগ্ৰস্ত কৰা ৰঙানদী মথাউৰি পোন্ধৰ দিনৰ ভিতৰত মেৰামতি কৰিবলৈকো সংগঠনটোৱে দাবী জনাইছিল৷ আনহাতে যোৱা ২৭ জুলাইত লখিমপুৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।‌ কৃষক নেতা অখিল গগৈৰ উপস্থিতিত সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰি বানপাড়িতক সাহায্য দিয়াৰ দাবী জনায়৷ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়া পানীয়ে ক্ষতি কৰা লোক সকলক ক্ষতিপুৰণ দিয়াৰ দাবী জনাইছিল৷

দল-সংগঠনৰ দাবীক ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰা নাছিল যদিও সংগঠন সমূহে পুনৰ আন্দোলনৰ ভাবুকি প্ৰদান কৰি আহিছিল৷ তাৰ মাজতে বুধবাৰে ৰাজ্যৰ মুখ্য সচিব নীপকো কৰ্তৃপক্ষ আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাজত বৈঠক অনুষ্ঠিত হয়। গুৰুত্বপুৰ্ণ বৈঠক খনত বৈঠকত উপস্থিত আছিল ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান, গৃহ বিভাগৰ আয়ুক্ত উপস্থিত থাকে।

ৰঙানদীৰ বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ সকলো দায়িত্ব নীপকোক মূৰ পাতি লোৱাৰ দাবীত যুৱ-ছাত্ৰ পৰিষদ অটল থাকে বুলি জাযনিব পৰা যায় । আনহাতে পৰবৰ্তি বৈঠক এমাহৰ পিছত কেন্দ্ৰীয় শক্তি দপ্তৰৰ প্ৰতিনিধি সহ অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে৷ নীপকোৱে এৰি দিয়া ৰঙানদীৰ পানীয়ে কৰা ক্ষতিৰ পৰিমাণ তথা প্ৰতিকাৰৰ অধ্যয়ন কৰি গুৱাহাটী আই আই টিয়ে এমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব চৰকাৰক।