
The Express
নগাঁওঃ ৰূপহীহাটত সংঘটিত হল এক চাঞ্চল্যকৰ ঘটনা৷ স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ৷ এই ঘটনা সংঘটিত হ’ল ৰূপহীহাটৰ ভকতগাঁৱ৷ জানিবলৈ পোৱা মতে, ভকতগাঁৱৰ আখতাৰা বেগম নামৰ মহিলা গৰাকীয়ে স্বামী জিয়াবুৰ ৰহমানৰ লগত আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ আহিছিল৷
আত্মীয়ৰ ঘৰত সামান্য বাক-বিতণ্ডাৰ পাচতেই পাষণ্ড স্বামী জিয়াবুৰ ৰহমানে নিজ পত্নীক হত্যা কৰে৷ আনহাতে ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ঘাতক জিয়াবুৰ ৰহমানে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে৷