
তুলসীবাৰীঃ দীৰ্ঘদিন ধৰি শয্যাগত হৈ থকা তুলসীবাৰী নিবাসী কৃতী শিক্ষক উমেশ চন্দ্ৰ কলিতাক আজি ৰঙিয়া জিলা প্ৰাদেশীকৃত বিদ্যালয় অবসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰী সন্থাই নিজা বাসভবনত সম্বৰ্দ্ধনা জ্ঞাপন কৰে৷ তদুপলক্ষে সন্থাৰ সভাপতি দ্বীজেন্দ্ৰ নাথ তালুকদাৰৰ সঞ্চালনাত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অৱসৰ প্ৰাপ্ত শিক্ষক-কৰ্মচাৰীৰ প্ৰতিনিধি দলটোৱে ফুলাম গামোচা, মানপত্ৰ আৰু জাপি আদিৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ লগতে কলিতাৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে৷
সম্পাদক কৰুণাকান্ত কলিতাই আঁতধৰা সভাখনত কলিতাৰ সহধৰ্মিনী নীৰু প্ৰভা কলিতাকো আনুষ্ঠানিক ভাবে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়৷ অনুষ্ঠানত তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা লীনু বৰদলৈ উপস্থিত থাকি ১৯৬৯ চনত একেখন বিদ্যালয়ত শিক্ষকতাৰে কৰ্ম জীৱন আৰম্ভ কৰি ১৯৯০-২০০৪ চনলৈ প্ৰধান শিক্ষক তথা অধ্যক্ষৰ দায়িত্ব কৃতিত্বৰে পালন কৰা কলিতাৰ বৰ্ণিল কৰ্মময় জীৱনৰ ওপৰত আলোকপাত কৰে৷
উল্লেখ্য যে ২০০২ চনত ৰাজ্যিক কৃতী শিক্ষকৰ বটা প্ৰাপক অক্লান্ত কৰ্মী কলিতাই ৰঙিয়া হাইস্কুল শিক্ষক সন্থা, ৰঙিয়া আলোচনী সভা, উত্তৰ ৰঙিয়া মহাবিদ্যালয়, তুলসীবাৰী শংকৰদেব শিশু নিকেতনকে ধৰি বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোতঃভাৱে জড়িত হৈ আহিছে৷
ইতিপূৰ্বে ৰঙিয়া লায়ঞ্চ ক্লাৱকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আদিয়ে কলিতাক সম্বৰ্দ্ধনা জ্ঞাপনৰে সফলতাৰ স্বীকৃতি দি আহিছে৷ আজিৰ এই অনুষ্ঠানত বৃহত্তৰ ৰঙিয়া সচেতন নাগৰিক মঞ্চৰ সম্পাদক তাৰিফুল ইছলাম, সমাজকৰ্মী ডা০ খনীন্দ্ৰ কলিতা, ৰত্নেশ্বৰ কলিতা প্ৰমুখ্যে কেইবাগৰাকী লোক উপস্থিত থাকি শোভা বৰ্দ্ধন কৰে৷