
নলবাৰীঃ নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী কালী দেৱালয় বালিলেচা উন্নয়ন সমিতিৰ স্থানীয় বিধায়ক অশোক কুমাৰ শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য। বিধায়ক গৰাকীৰ বিধায়ক পুজিৰ পৰা কালী দেৱালয় সমিতিয়ে এটকাও বৰঙণি গ্ৰহণ নকৰে।
বিধায়ক গৰাকীৰ বিৰুদ্ধে স্বৈৰচাৰিতাৰ অভিযোগ কালী দেৱালয় পৰিচালনা সমিতিৰ। বৃহস্পতিবাৰে নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ত এক সংবাদ মেল সম্বোধন কৰি কালী মন্দিৰ উন্নয়ন সমিতিয়ে এইদৰে ক্ষোভ ব্যক্ত কৰে। উল্লেখ্য যে, নলবাৰী জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া কৃষ্ণা বৰুৱাই কালী দেৱালয়লৈ অহা ভক্ত সকলৰ সুবিধাৰ্থে এটি বন্তি প্ৰজ্বলন গৃহ নিৰ্মানৰ বাবে চৰকাৰীভাৱে ৩ লাখ ৩৮ হাজাৰ টকাৰ এক আৰ্থিক সাহায্য আগবঢ়াইছিল।
সেইমৰ্মে উন্নয়ন সমিতিয়ে বিষয়াগৰাকীৰ নামত এক আধাৰশিলাৰ ফলক আৰিছিল। কিন্তু এই কথা মুঠেই হজম কৰিব পৰা নাছিল নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাই। যাৰ বাবে বিষয়া গৰাকীক তিৰস্কাৰ কৰি আধাৰশিলাৰ ফলক উঠাই আনিবলৈ বাধ্য কৰোৱাৰ অভিযোগ তুলি সংবাদ মেল যোগে ক্ষোভ ব্যক্ত কৰে কালী দেৱালয় উন্নয়ন সমিতিয়ে।
আনহাতে, অভিযোগৰ আঙুলি টোঁৱাইছে নলবাৰী জিলা বিজেপিৰ সম্পাদক নিতুল ডেকাৰ বিৰুদ্ধেও। নিতুল ডেকা আৰু বিধায়ক অশোক কুমাৰ শৰ্মাই মিলি বিধায়কৰ ফলকত নাম নথকাৰ বাবে এনেদৰে স্বৈৰাচাৰী ভাৱে চৰকাৰী গৃহটো নিৰ্মাণ নকৰাৰ লগতে আধাৰশিলাৰ ফলক উঠাই পেলায়।
আনহাতে, বিধায়ক গৰাকীৰ পৰা কালী দেৱালয়ে বিধায়ক পুঁজিৰ ধন কোনো কাৰণতে গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে৷ লগতে পূৰ্বৰ উন্নয়ন সমিতিৰ সভাপতি প্ৰভাত ডেকাই কালী দেৱালয়ৰ ১২ বছৰৰ হিচাপ দাখিল নকৰি সংঘটিত কৰা ৬২ লাখ টকাৰ বিত্তীয় কেলেংকাৰীৰো উচিত তদন্ত বিচাৰিছে উন্নয়ন সমিতিখনে৷
আজি আয়োজিত সংবাদমেল খনত উপস্থিত থাকে বলিলেছা কালী দেৱালয় উন্নয়ন সমিতিৰ সভাপতি অজিত মহন্ত আৰু প্ৰচাৰ সম্পাদক সুনিল দাসৰ লগতে বহুকেইগৰাকী বিষয়ববীয়া৷