শিলিগুৰিত ইউ এন ব্ৰহ্ম সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন হাগ্ৰামাৰ

কোকৰাঝাৰঃ বিটিচি চুক্তিৰ পৰ্যালোচনা সভাখন অহা ৫অক্টোবৰত নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ মাজত অনুষ্ঠিত হ'ব ৷ আজি পশ্চিম বংগৰ শিলিগুৰি চালুগোড়াত  ইউ এন ব্ৰহ্ম সোঁৱৰণী সাংস্কৃতিক কেন্দ্ৰ আৰু কৰ্মচাৰী আৱাসৰ আধাৰশিলা স্থাপন কৰি উক্ত মন্তব্য প্ৰকাশ কৰিছে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ তেওঁ ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ বৰ্তমান অনুকুল বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে।

♦ নতুন দিল্লীত অহা ৫ অক্টোবৰত বিটিচি চুক্তিৰ পৰ্যালোচনা সভা 

উল্লেখ্য যে, বিটিচি পুঁজিৰ পৰা সৰ্বমুঠ চাৰি কোটি ৫২ লাখ টকা ব্যায় সাপেক্ষে শিলিগুৰি চালুগোড়াত নিৰ্মিত হ'ব লগা  ইউ এন ব্ৰহ্ম সোঁৱৰণী সাংস্কৃতিক কেন্দ্ৰ আৰু কৰ্মচাৰী আৱাসৰ পাঁচ মহলীয়া বিল্ডিংৰ আধাৰশিলা স্থাপন কৰাৰ অন্তত সাংবাদিকৰ আগত অহা ৫ অক্টোবৰত নতুন দিল্লীত অনুষ্ঠিত হ'ব লগা ত্ৰিপাক্ষিক বৈঠকৰ বিষয়ে সদৰী কৰে মহিলাৰীয়ে।

বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ মতে বিটিচি চুক্তি পৰ্যালোচনা সভাৰ উক্ত ত্ৰিপাক্ষিক  বিটিচি চুক্তিৰ দফামতে কাৰ্বি আংলং পাৰ্বত্য অঞ্চলত বড়ো সকলোক জনজাতিৰ মৰ্যদা প্ৰদানকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ পুঁজি পোনপোটীয়াকৈ বিটিচিলৈ হস্তান্তৰ কৰা আৰু বিটিচিলৈ কেন্দ্ৰীয় চৰকাৰৰ ঘোষিত এহেজাৰ কোটি টকাৰ বিষয়টোও বৈঠকত আলোচিত হ'ব।

উল্লেখযোগ্য যে পশ্চিমবংগলৈ এদিনীয়া ভ্ৰমণসূচীৰে অহা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আজি পশ্চিমবংগৰ শিলিগুৰিৰ চালুগোড়াত বড়োলেণ্ড অতিথিশালাৰ বাবে কৰ্মচাৰী আৱাস আৰু সাংস্কৃতিক কেন্দ্ৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ পিছতেই পশ্চিমবংগৰ বড়ো সমাজৰ প্ৰতিনিধি তথা বড়ো ৰাইজৰ সৈতেও বড়ো ভাষাৰ সমস্যা সন্দৰ্ভত এক বৈঠকত মিলিত হয় ৷

আজিৰ বৈঠকত পশ্চিমবংগৰ বড়ো সমাজৰ সভাপতি নবীন চন্দ্ৰ মণ্ডল আৰু বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে মৃত্যুঞ্জয় নাৰ্জাৰী, অনশুমৈ বড়ো আৰু লৌমশ্ৰাও দৈমাৰী, বিটিচিৰ নিৰ্বাচিত সদস্য মমিনুৰ ইছলাম আৰু পলিন্দ্ৰ বসুমতাৰী, বিটিচিৰ যুটিয়া সচিব দীনেশ বড়ো, প্ৰাক্তন কাৰ্যবাহী সদস্য শোভাৰাম বসুমতাৰী, বিপিএফ সংখ্যালঘু কোষৰ সম্পাদক চুলতান আলম প্ৰমুখ্যে বহু লোক বিশিষ্ট লোক উপস্থিত থাকে৷