
ধনশিৰিঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ নাওজানৰ শ্ৰীশ্ৰী সাৰ্ব্বজনীন নামঘৰত ধনশিৰি গণ মঞ্চৰ উদ্যােগত পশ্চিম নাওজান আঞ্চলিক গণমঞ্চৰ সহযোগত ১৫ দিনীয়াকৈ আয়োজন কৰা দশৱতাৰ আৰু কৃষ্ণ নৃত্য কৰ্মশালাৰ আজি সামৰণি পৰে।
কৰ্মশালাত ৯৬ গৰাকী প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে। আজি অনুষ্ঠিত সামৰণি অনুষ্ঠান উদ্বোধন কৰে ধনশিৰি গণমঞ্চৰ সাধাৰণ সম্পাদক ৰিন্টু ডেকাই। চন্দ্ৰ কান্ত গগৈয়ে পৰিচালনা কৰা আজিৰ অনুষ্ঠানত ধনশিৰি গণ মঞ্চৰ সভাপতি ৰাজীৱ শইকীয়াই মঞ্চৰ কাৰ্যক্ৰম, লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কত বক্তব্য আগবঢ়ায়।
সমাজকৰ্মী শশাংকজিৎ বৰাই গণ মঞ্চৰ কাম-কাজৰ প্ৰশংসা কৰে আৰু অনুশীলন অব্যাহত ৰাখিবলৈ প্ৰশিক্ষাৰ্থীসকলক আহ্বান জনায়। পুৱা পতাকা উত্তোলন আৰু গছ পুলি ৰোপন কাৰ্যসূচী সমাপন কৰা হয়।
অনুষ্ঠানৰ আঁত ধৰে জুনু গগৈ আৰু কৰুণা মহন্তই। শলাগৰ শৰাই আগবঢ়ায় পশ্চিম নাওজান আঞ্চলিক গণমঞ্চৰ সাংস্কৃতিক বিভাগৰ সম্পাদক বিপ্লৱ চৌধুৰীয়ে।