
মোৰাঝাৰঃ শাৰদীয় দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি হোজাই জিলাৰ উপায়ুক্ত এম পি সিং য়ে জিলাখনত আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ ১৪৪ ধাৰা বলৱৎ কৰিছে৷ জিলা উপায়ুক্ত সিঙে এইচ জে এল এল ১/৯৯/৪০৪ নং নিৰ্দেশ মৰ্মে আগন্তুক দুৰ্গা পূজা উপলক্ষে শান্তি শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি তৎকালিনভাৱে কাৰ্যকৰী হোৱাকৈ ভাৰতীয় ফৌজধাৰী কাৰ্যবিধি আইনৰ অধীনত সমগ্ৰ জিলাখনতে এই নিষেধাজ্ঞা জাৰি কৰে৷
এই আদেশ অনুসৰি পাঁচজন বা ততোধিক লোক গোট খোৱা (ধৰ্মীয় অনুষ্ঠানৰ বাহিৰে), মাৰাত্মক অস্ত্ৰ, জাঠি জোং লৈ ঘুৰা, প্ৰশাসনৰ অনুমতি নোলোৱাকৈ ৰাজহুৱা স্থানত সভা-সমিতি, ৰেলী বা যিকোনো ধৰণৰ সমদল ৰেলী আদি উলিওৱা, ৰাজহুৱা বাট-পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন চলাচল আৰু যাতায়তৰ ক্ষেত্ৰত ব্যাঘাত জন্মা আৰু অনুভাষ যন্ত্ৰ বজোৱা, আপত্তিজনক প্ৰচাৰ পত্ৰিকা, বেনাৰ আদি লগোৱা নিষিদ্ধ কৰিছে৷ ইয়াৰ উপৰিও বলপুৰ্বকভাৱে দান-বৰঙনি আদায় কৰা, প্ৰৰোচনামুলক ধ্বনি বা শ্ল’গান দিয়া, দুচকীয়া যান-বাহনত দুজন আৰোহী উঠোৱা নিষিদ্ধ কৰিছে৷
অৱশ্যে শিশু, মহিলা আৰু ৰোগীৰ ক্ষেত্ৰত শিথিল কৰা হৈছে৷ ইয়াৰ উপৰিও জিলা উপায়ুক্ত গৰাকীয়ে একেটা নিৰ্দেশতে যি কোনো ধৰনৰ আপত্তিজনক ফটকা ফুটোৱা আদি নিষিদ্ধ কৰিছে৷ এই ধাৰাৰ অধীনত পূজা অনুষ্ঠিত কৰা পূজাস্থলী, ব্যৱসায় ক্ৰয় বিক্ৰয় স্থান, খেল পথাৰ, চিনেমা হল, শিক্ষানুষ্ঠান, স্থায়ী মনোৰঞ্জনৰ ঠাই, ৰেলৱে আৰু বাছ আস্থান, বিবাহ অনুষ্ঠান, ইয়াৰ উপৰিও কৰ্তব্যৰত আৰক্ষী, সামৰিক-অৰ্ধসামৰিক বাহিনী, দণ্ডাধীশ, ন্যায়াধীশ আৰু চৰকাৰী কৰ্তব্যত নিয়োজিত বিষয়া কৰ্মচাৰী সকলক শিথিল কৰা হৈছে৷
এই আদেশ পৰবৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব৷ আগন্তুক দুৰ্গা পূজা উপলক্ষে শান্তি শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি হোজাই জিলা প্ৰশাসনে হোজাই উপায়ুক্ত কাৰ্যালয়ত এক নিয়ন্ত্ৰন কক্ষ স্থাপন কৰিছে৷ উক্ত নিয়ন্ত্ৰন কক্ষৰ ফোন নম্বৰ ০৩৬৭৪ ২৮৪২৮৪ বুলি এক নিৰ্দেশযোগে উপায়ুক্ত গৰাকীয়ে সদৰী কৰিছে৷