
বিহালীঃ বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত মিজিকাজান চাহ বাগিচাত দীৰ্ঘদিন ধৰি শিশু শ্ৰমিক নিয়োগ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। শ্ৰম বিভাগ আৰু শ্ৰম আইন ভৰিৰে মোহাৰি নিশা মিজিকা বাগানৰ কলঘৰত নিয়োগ কৰা হয় শিশু শ্ৰমিক৷ বাগিচাৰ ফেক্টৰীত সংঘটিত এক দুৰ্ঘটনাই উদঙালে বাগিচা খনত শিশু শ্ৰমিক নিয়োগ কৰি শ্ৰম আইন উলংঘা কৰাৰ সত্যতা।
যোৱা ১৯ ছেপ্তেম্বৰৰ নিশাই সংঘটিত এক দুৰ্ঘটনাৰ ঘটনা গাপ দিয়াৰ চেষ্টা কৰিছিল বাগিচা কৰ্তৃপক্ষই। যোৱা ১৯ ছেপ্তেম্বৰৰ নিশা কৰ্মৰত সঞ্জয় মাঝী(১৩) নামৰ শিশু শ্ৰমিক জনৰ বাওঁ হাত ফেক্টৰীৰ মেচিনত সোমাই মধ্যমা আঙুলি খণ্ডিত হৈ পৰাৰ লগতে আন তিনিটা আঙুলি থেতেলা হৈ গৈছিল। পাছদিনা সমগ্ৰ ঘটনা সন্দৰ্ভত বাগিছা কৰ্তৃপক্ষক একাংশ ৰাইজে সোধপোচ কৰি উপযুক্ত চিকিৎসাৰ দাবী জনাইছিল।
শিশু শ্ৰমিক নিয়োজিত কৰাৰ ঘটনা ফাদিল হৈ পৰাৰ আশংকাত বাগিছা কৰ্তৃপক্ষই সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। দুৰ্ঘটনাত আহত শিশু শ্ৰমিকজন মিজিকাজান চাহ বাগিছাৰ বৰ পুখুৰী শাখাৰ বড়ো লাইনৰ বাসিন্দা। আনহাতে এই শিশু শ্ৰমিক জন জপৌবাৰী স্থিত হৰেশ্বৰ গোৱালা মধ্য ইংৰাজী বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ অধ্যয়নৰত ছাত্ৰ।
বাগিছা কৰ্তৃপক্ষই ছাত্ৰজনক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসা কৰাই ইতিমধ্যে বাগিচাৰ চিকিৎসালয়ত ভৰ্তি কৰি ৰাখিছে। উল্লেখ্য যে, বিহালীৰ বিভিন্ন চাহ বাগিচাত দীৰ্ঘদিন ধৰি বাগিচা কৰ্তৃপক্ষই সুবিধামতে শিশু শ্ৰমিক নিয়োগ কৰি আহিছে। কিন্তু ইয়াৰ বিৰুদ্ধে শ্ৰম বিভাগে কোনোধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।
ইফালে, শ্ৰম বিভাগে কোনো গোপন বুজাবুজিৰে এনে বাগিচা কৰ্তৃপক্ষক শিশু শ্ৰমিক নিয়োজিত কৰাত পৰোক্ষ ভাবে সহায় কৰি অহা বুলিহে সৰ্বত্ৰে চৰ্চা হৈ আহিছে। নিয়ম বহিৰ্ভুত ভাবে অতি কম মজুৰিৰে মিজিকাজান চাহ বাগিছাৰ লগতে একাংশ চাহ বাগিছা কৰ্তৃপক্ষই শিশু শ্ৰমিক নিয়োজিত কৰি অহা ঘটনাই সমগ্ৰ বিহালীতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।