সাংবিধানিক সুৰক্ষা, গোৱালপাৰা-নগাঁৱত গৰিয়া-মৰিয়া দেশীৰ প্ৰতিবাদ

গোৱালপাৰা/নগাঁওঃ সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে সাংবিধানিক সুৰক্ষাৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে৷ আহোম-মোগলৰ যুদ্ধ, দেশৰ স্বাধীনতা আন্দোলন, ভাষা আন্দোলন, অসম আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰা থলুৱা ইছলাম ধৰ্মীসকলে পৰিচয় সংকটত পৰি ককবকাব লগা হৈছে৷ অসমীয়া জাতিৰ হকে আহোম-মোগলৰ যুদ্ধত জপিয়াই পৰা বাঘ হাজৰিকা, ভাষা আন্দোলনৰ শ্বহীদ মোজাম্মিল হ’কৰ উত্তৰসুৰীয়ে থলুৱা ইছলামধৰ্মীসকলে অস্তিত্বৰ সংকটত ৰাজ পথলৈ ওলাই আহিব লগা হৈছে৷

ডি-ভোটাৰৰ সমস্যা. এনআৰচিৰ অ’ আই সমস্যা সমাধানৰ বাবে নিতৌ ৰাজ পথ উত্তাল কৰি আহিছে৷ প্ৰতিদিনে ৰজাঘৰীয়া তথা একাংস লোকে সন্দেহৰ চকুৰে চোৱাত থলুৱা গৰিয়া, মৰিয়া, দেশী. জলহা, মৈমাল আদি জনগোষ্ঠীয়ে অপমান সহ্য কৰিব লগা হৈছে৷ অসমৰ ভূমিপুত্ৰসকলক সাংবিধানিক সুৰক্ষা প্ৰদানৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সোমবাৰে নগাঁৱত আৰু গোৱালপাৰাত সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে৷ বছৰ বছৰ ধৰি বঞ্চিত অৱহেলিত ৰাজ্যৰ থলুৱা ইছলামধৰ্মী গৰিয়া, মৰিয়া, দেশী, জলহা আদি জনগোষ্ঠীৰ লোক৷

জনগোষ্ঠীয় পৰিচয় বিছাৰি গৰিয়া মৰিয়া দেশী জনগোষ্ঠীৰ লোকসকলে আজিও প্ৰতিবাদ কৰি আহিব লগা হৈছে৷ স্বাধীনতা আন্দোলন, ভাষা আন্দোলন, অসম আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰা ভূমিপুত্ৰ ইছলামধৰ্মী লোকসকলে বিভিন্ন সময়ত হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে বুলি সংগঠনটোৱে অভিযোগ উত্থাপন কৰে৷ সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ নগাঁও জিলা সমিতি আৰু গোৱালপাৰা জিলা সমিতিয়ে আজি দুয়ো খন জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপগ্ৰহীয় স্বায়ত্ব শাসন প্ৰৱৰ্তনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷

সংগঠনটোৰ কেইবাশতাধিক নেতা-কৰ্মীয়ে দুয়োখন জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত তিনিঘন্টীয়া প্ৰতিবাদ সাব্যস্ত কৰে৷ জনগোষ্ঠী কেইটাক জনগোষ্ঠীয় মৰ্য্যদা প্ৰদানেৰে বিশেষ সাংবিধানিক সুৰক্ষা প্ৰদান কৰাৰ লগতে ২০০৭ চনৰ ৰাষ্ট্ৰীয় সংঘৰ খিলঞ্জীয়াৰ সংজ্ঞাৰ অধাৰত গৰিয়া, মৰিয়া, দেশী আদি জনগোষ্ঠীক চিনাক্ত কৰি জনগোষ্ঠীয় পৰিচয় দিয়াৰ দাবী জনায় সংগঠনটোৱে৷