কমলাবাৰী বনভোজস্থলিলৈ ফ্ৰান্স চৰকাৰৰ অনুদান

নামতিঃ শিৱসাগৰ জিলাৰ গেলেকীৰ কমলাবাৰী বনভোজস্থলীলৈ ফ্রান্স চৰকাৰে আগবঢ়াইছে  ১৫ লাখ ৭৮ হাজাৰ টকাৰ অনুদান৷ পৰিবেশ সংৰক্ষণৰ অগ্ৰাধিকাৰ ভিত্তিত আগবঢ়োৰা উক্ত টকাৰে বনভোজস্থলিত নির্মাণ কৰিব এটা প্ৰেক্ষাগৃহ আৰু দুটা শৌচাগাৰ।

২৫ ছেপ্তেম্বৰত বিশিষ্ট সমাজকৰ্মী তথা প্ৰাক্তন শিক্ষক হেম গগৈয়ে প্ৰেক্ষাগৃহটোৰ আধাৰশিলা স্থাপন কৰে। আনহাতে, সেই উদ্দেশ্যে কমলাবাৰী বনভোজস্থলী প্রাংগনত এক অনুষ্ঠানৰ আয়োজন কৰে।

গাৰোপবন যৌথ বন পৰিচালনা সমিতিৰ সভাপতি নিৰণ গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত শিৱসাগৰ জিলাৰ বন সংমণ্ডলৰ ৰেঞ্জাৰ দিলিপ ডেকা, নপাম বাৰুৱতী গাঁও পঞ্চায়তৰ সভানেত্ৰী দিপালী গগৈ, বিট অফিচাৰ গোলাপ গগৈ, মুখ্যমন্ত্ৰী বঁটাপ্ৰাপ্ত মূগাপালক ঘন গগৈ উপসিথিত থাকে৷