
indianexpress
গুৱাহাটীঃ আজি গুৱাহাটীৰ উচ্চ ন্যায়লয়ে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ বিৰুদ্ধে থকা গোচৰৰ চূড়ান্ত ৰায় প্ৰদান কৰিব৷ আনহাতে দোষী সাব্যস্ত হ’লে জনপ্ৰিয় শিল্পী গৰাকীয়ে নূন্যতম এবছৰ কয়দীৰ জীৱন কটাবলগীয়া হ’ব পাৰে৷
২০১৩ চনৰ ২৯ জুন মাহত মহানগৰীৰ এজন জ্যেষ্ঠ অধিবক্তাৰ পুত্ৰক প্ৰহাৰ কৰা অভিযোগ উত্থাপন হৈছিল শিল্পীগৰাকীৰ বিৰুদ্ধে৷ অধিবক্তাগৰাকীয়ে পুত্ৰক প্ৰহাৰ কৰাৰ অভিযোগত জুবিন গাৰ্গৰ বিৰুদ্ধে গীতানগৰ থানাত এক গোচৰ তৰিছিল৷
৫ বছৰৰ পাছত সেই গোচৰেৰে ৰায় আজি প্ৰদান কৰা হ’ব৷ এই বিষয়ক লৈ জুবিন অনুৰাগীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
শেহতীয়া সংযোজনঃ অসুস্থতাৰ বাবে জুবিন আদালতত হাজিৰ হ'ব নোৱৰাত আজিৰ ৰায়দান স্থগিত ৰখা হৈছে।