অখিলক মুক্তি, ৰঙিয়াত ছাত্ৰ মুক্তিৰ উত্তাল প্ৰতিবাদ

ৰঙিয়াঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক গ্ৰেপ্তাৰৰ প্ৰতিবাদত আজিও ৰাজ্য উত্তাল হৈ আছে৷ ডিব্ৰুগড় আৰক্ষীয়ে গোলাঘাটৰ নিজ গৃহৰ পৰা কৃষক নেতাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত প্ৰতিদিনে উত্তাল হৈ পৰে ৰাজ্য৷ ৰাজ্যৰ একাংশ দল-সংগঠনে ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি অখিলক মুক্তি দিয়াৰ দাবী জনায় আহিছে যদিও সোমবাৰে গৃহ বিভাগে অখিল গগৈৰ ওপৰত ৰাষ্ট্ৰীয় নিৰাপত্তা আইন, ১৯৮০ জাপি দিয়ে৷

এই আইন জাপি দিয়াৰ পিছতে কৃষক মুক্তি-ছাত্ৰ মুক্তিৰ প্ৰতিবাদ অধিক তপৰ হৈ পৰে৷ প্ৰতিবাদৰ জৰীয়তে চৰকাৰৰ সন্মুখত প্ৰত্যাহ্বানৰ সৃষ্টি কৰে ছাত্ৰ মুক্তি আৰু কৃষক মুক্তিয়ে৷ ৰাজ্যৰ গৃহ বিভাগে কৃষক নেতা অখিল গগৈক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত আটক কৰিয়ে ক্ষান্ত নাথাকি NSA জাপি দিয়াত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷

একাংশ দল-সংগঠনে ৰাষ্ট্ৰীয় ঘাইপথ, ৰেলপথ অৱৰোধ কৰাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি অখিলক আটক কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও আন্দোলনক চৰকাৰে গুৰুত্ব আৰোপ নকৰি চৰকাৰ অখিলৰ বিৰুদ্ধে সস্তম হৈ পৰা দেখা যায়৷

তাৰ মাজতে অখিলৰ মুক্তিৰ দাবীত মঙলবাৰে উত্তাল হৈ পৰে ৰঙিয়াৰ ৰাজ পথ৷ অখিল গগৈৰ মুক্তিৰ দাবীত ৰঙিয়াৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তিৰ ৰঙিয়া সমিতিয়ে। সংগঠনটোৰ একাংশ নেতা-কৰ্মীয়ে তেওলোকৰ নেতা অখিল গগৈৰ মুক্তিৰ দাবীত ৰঙিয়াত পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ৰঙিয়াত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে টায়াৰ জ্বলাই ৩১নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰে। পথ অৱৰোধৰ ফলত ৰঙিয়া হাইৱে চ'কত তীব্ৰ যান-জোঁটৰ সৃষ্টি হয়৷