
গুৱাহাটীঃ পৰিবৰ্তনৰ শ্ল’গানেৰে দিশপুৰত শাসনৰ গাদী দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্রজোঁটৰ চৰকাৰখনে অন্য একো পৰিবৰ্তন আনিব নোৱাৰিলেও এটা ক্ষেত্ৰত চকুত লগা পৰিবৰ্তন আনিছে। আৰু সেইটো হৈছে সোণোৱাল চৰকাৰে বিদেশী ন্যায়াধীকৰণ ব্যৱস্থাটো পূৰ্বতকৈ বহু দুৰ্ব্বল কৰি পেলাইছে।এই গুৰুতৰ অভিযোগ হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ।
আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত এই অভিযোগ উত্থাপন কৰি পৰিষদৰ সভাপতি বলেন বৈশ্যই কয় যে ইমান দিনে এই ন্যায়ধীকৰণ সমূহত এচাম অসম প্ৰেমী, জাতীয়তাবাদী খিলঞ্জীয়া অসমীয়া চৰকাৰী অধিবক্তা হিচাপে নিযুক্তি হৈ আছিল।
যাৰ ফলশ্ৰুতিত বিভিন্ন সীমাবদ্ধতাৰ মাজতো ন্যায়াধীকৰণ সমূহে কিছু কাম কৰিবলৈ সক্ষম হৈছিল। কিন্তু ক্ষমতাত অধিষ্ঠিত হৈয়েই বিজেপি মিত্রজোঁটৰ চৰকাৰখনে অসমীয়া দক্ষ আৰু অভিজ্ঞতা সম্পন্ন অধিবক্তা সকলক আঁতৰাই সেইবোৰৰ ঠাইত গৰিষ্ঠসংখ্যকে অদক্ষ আৰু অনভিজ্ঞ হিন্দু বাঙালী অধিবক্তাক নিযুক্তি দিছে। সেই হিন্দু বাঙালী অধিবক্তা সকলোৱে এতিয়া অবৈধ বিদেশী চিনাক্তকৰণতকৈ হিন্দু বাংলাদেশী সকলক ভাৰতীয় সজোৱাতহে অধিক আগ্ৰহী তথা অধিক ব্যস্ত হৈ পৰিছে।
হিন্দু যুৱ-ছাত্ৰ পৰিষদে এই বিষয়তো বিধান সভাৰ মজিয়াতো আলোচনা কৰাক লৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে৷ সংবাদ মেলখনত সভাপতিৰ লগতে উপস্থিত আছিল সাধাৰণ সম্পাদক দীপাংকৰ গোঁহাই, মূখ্য সাংগঠনিক সম্পাদক বিনয় নাথ, সাংগঠনিক সম্পাদক বিকাশ বৰদলৈ, প্ৰচাৰ সম্পাদক প্ৰদীপ কলিতাৰ লগতে বহু কেইজন সাংগঠনিক সদস্য আৰু বিষয়ববীয়া৷