দুৰ্গা পূজাত জুৱা

মুছলপুৰঃ আৰম্ভ হ’ল শাৰদীয় পূজা৷ সমগ্ৰ ৰাজ্যবাসী সাজু হৈছে পূজা পালন কৰিবলৈ৷ কিন্তু যোৱা কেবাটাও বছৰত বাক্সা জিলাৰ বিভিন্ন ঠাইত দুৰ্গা পূজা ৰূপান্তৰিত হৈ আহিছে জুৱাৰ উৎসৱলৈ৷ দুৰ্গা পূজা মানে যেন জুৱাৰ হে উৎসৱ৷ একাংশ পুজা সমিতিয়ে পূজাৰ নামত জুৱাৰ প্ৰচলন কৰাৰ অভিযোগ উত্থাপিত হয়৷

বাক্সা জিলাৰ দুই এখন পূজাৰ বাদে সকলোতে মুকলিকৈ চলে জুৱাৰ আড্ডা। ছয়গুটি, চুপাৰ বাম্পাৰ, লাকী ডাইচ, চেৰেকী আদি বিভিন্ন প্ৰকাৰৰ জুৱাইহে আকৰ্ষণ কৰে মানুহক৷ পূজা মানে আসুৰিক শক্তিৰ ধ্বংস, দুৰ্নীতি, অপকৰ্মৰ বিনাশ কামনা কৰা হয়৷অথচ পূজাৰ নামত জুৱা, মদৰ বজাৰ পাতি পূজাথলীত অপকৰ্ম, অন্যায়, অসুৰ শক্তিৰ মেলা পাতি পাপ অৰ্জন কৰাৰ দৰেহে হয় ৷

বিগত বৰ্ষত বাক্সা জিলাৰ বিভিন্ন ঠাইত পূজা সমিতি সমূহে জুৱাৰিৰ সৈতে লাখ লাখ টকাৰ চুক্তি কৰি জুৱা খেল চলাই অহা পৰিলক্ষিত হৈছে৷ দল-সংগঠন আৰু আৰক্ষী প্ৰশাসনে চকু মুদা কুলিৰ ভাও ধৰা বুলিও অভিযোগ উত্থাপিত হয়৷ এটি সুত্ৰৰ মতে এই বেলিও একাংশ পূজা সমিতিয়ে জুৱা খেল পাতিবলৈ সাজু হৈছে৷