
কামপুৰঃ দুৰ্গাপূজাৰ ষষ্ঠী দিনাই নিশা নগাঁৱৰ কঠিয়াতলী চিঙৰাপট্টিত এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়৷ জানিব পৰা মতে, নগাঁও দিশৰ পৰা অহা AS01-AZ-3977 নম্বৰৰ চুইফট ডিজায়াৰখনে নিয়ন্ত্ৰন হেৰুৱাই চাৰি পথচাৰীক প্ৰচণ্ড জোৰে খুন্দা মাৰে৷
দূৰ্ঘটনাটোৰ ফলত জামাল উদ্দিন নামৰ পথচাৰীজন থিতাতে নিহত হোৱাৰ লগতে আন তিনিজন পথচাৰী গুৰুতৰ ভাৱে আহত হয়৷ গুৰুতৰভাৱে আহত নেকিবুৰ হুচেইন, ফৰিদূল ইছলাম আৰু চফিকুল ইছলামক পাছত উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ ততাতৈয়াকৈ প্ৰেৰণ কৰা হয়৷
আনহাতে দূৰ্ঘটনা সংঘটিত কৰা গাড়ীখন স্থানীয় একাংশ লোকে ভাঙি চুৰমাৰ কৰে।