
কাজিৰঙাঃ ৰাজ্যৰ অন্যতম পৰ্যটনৰ কেন্দ্ৰবিন্দু কাজিৰঙাত এইবাৰ উদযাপন কৰা নহ’ল বিশ্ব পৰ্যটন দিৱস৷ ৰাজ্যৰ উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাই পৰ্যটন দিৱসৰ দিনাও কাজিৰঙাত উপস্থিত নহ’ল সিংহভাগ বিষয়া-কৰ্মচাৰী৷
যাৰ ফলত কেৱল নাম মাত্ৰ চাফাই কৰিয়েই দায়িত্ব সামৰি থলে একাংশ পৰ্যটন বিভাগৰ কৰ্মচাৰীয়ে৷ আনহাতে এইবাৰ কাজিৰঙা কৰ্মত নহয়, কেৱল পৰ্যটন দিৱসৰ বিষয়বস্তু ঘোষণাতে সীমাবদ্ধ হৈ পৰিল ৰাজ্যৰ অন্যতম পৰ্যটনস্থলী কাজিৰঙা৷
২০১৭ বৰ্ষৰ পৰ্যটন দিৱসৰ বিষয়বস্তু হিচাপে ঘোষণা কৰা হৈছিল Sustainable Tourism, A tool for Development৷