কলিয়াবৰত মহিলাৰ মৃতদেহ উদ্ধাৰ

কলিয়াবৰঃ কলিয়াবৰৰ চুলুঙত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰৰ ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷

ব্ৰহ্মপুত্ৰৰ দক্ষিণ দিশত কলিয়াভোমোৰা দলঙৰ সমীপত নৈৰ পানীত মহিলা গৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক অৱগত কৰে৷ পাছত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে৷

উদ্ধাৰ হোৱা মৃত মহিলা গৰাকীৰ পৰিচয় বৰ্তমানে লাভ কৰা নাই আৰক্ষীয়ে।