
গুৱাহাটীঃ কৃষক তথা ৰাজ্যৰ প্ৰতিটো সমস্যা, চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সংগ্ৰাম কৰি অহা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক গ্ৰেপ্তাৰৰ প্ৰতিবাদত প্ৰতিদিনে ৰাজ্য উত্তাল হৈ আছে৷ ডিব্ৰুগড় জিলা আৰক্ষীয়ে গোলাঘাটৰ নিজ গৃহৰ পৰা ১৪ দিন পুৰ্বে কৃষক নেতাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত প্ৰতিদিনে উত্তাল হৈ পৰে ৰাজ্য৷ ৰাজ্যৰ একাংশ দল-সংগঠনে ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিদিনে৷
অখিলক মুক্তি দিয়াৰ দাবীত দল-সংগঠনে প্ৰতিবাদ জনাই অহাৰ সময়তে সোমবাৰে ডিব্ৰুগড়ৰ আদালতৰ ভিতৰতে গৃহ বিভাগে অখিল গগৈৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন, ১৯৮০ জাপি দি পুনৰ আটক কৰে অখিলক৷ ইমানৰ পিছতো হাৰ মানিব খোজা নাই অখিলে৷ ৰাজ্য-কেন্দ্ৰীয় চৰকাৰ তথা বিজেপি চৰকাৰৰ বিৰুদ্ধে আদালতৰ ভিতৰতো আক্ৰমণাত্মক হৈ পৰে অখিল৷ বিজেপিৰ সৈতে আপোচ নকৰাৰ সংকল্প লৈ সতীৰ্থক উদ্দেশ্যে দিয়া বক্তব্য ছচিয়েল মিড়িয়াত বিশেষকৈ ফেচবুকত চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে৷

সৰ্বানন্দ আৰু হিমন্ত বিশ্ব দিল্লীৰ ওচৰত বিক্ৰী গ'ল। তেওঁলোক এতিয়া দিল্লীৰ পুতলা। এই কথাটো কোৱাৰ বাবেই, প্ৰচাৰ কৰি থকাৰ বাবেই সিহঁতে মোক আৰু কৃষক মুক্তিক নিয়ন্ত্ৰণ কৰিব খুজিছে। আদালতৰ ভিতৰৰ পৰাই এনেদৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰিলে দেশদ্ৰোহ, ৰাষ্ট্ৰীয় নিৰপত্তা আইনৰ অধিনৰ আটকাধীন কৃষক নেতা অখিল গগৈয়ে৷ ২৫ চেপ্তেম্বৰত ডিব্ৰুগড়ৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ত সতীৰ্থক উদ্দেশ্য দিয়া বানীবদ্ধ বক্তব্যত জেলৰ ভিতৰতো থাকি ৰাজ্য চৰকাৰ-বিজেপি দলৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে৷
অখিলে অসমবাসীক উদ্দেশ্যে কয়, মোৰ বিশ্বাস অসমবাসীয়ে পৰিস্থিতিটো উপলব্ধি কৰিব। মই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে ভাবুকি নহওঁ, মই ৰাষ্ট্ৰ পৰিচালনা কৰা বৰ্তমানৰ সাম্প্ৰদায়িক আৰু গণতন্ত্ৰবিৰোধী ফেচীবাদী শক্তি বিজেপি-আৰআৰএছ শাসক শ্ৰেণীৰহে বিৰোধী৷ মহাশত্ৰু শাসনত থকা এই শক্তিটোৱে আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামীসকলে কঢ়িয়াই অনা আৰু ভাৰতৰ সংবিধানে নিশ্চয়তা প্ৰদান কৰা গণতন্ত্র, সমাজবাদ, ধৰ্মনিৰপেক্ষতা আৰু প্ৰজাতান্ত্ৰিক আৰ্দশক নিঃশেষ কৰাৰ ষড়যন্ত্র কৰিছে। তেওঁলোকে আমাৰ দেশৰ সমতাৰ ধাৰণাকো শেষ কৰাৰ ব্যৱস্থা কৰিছে বুলি কয়৷

আদালত চৌহদৰ অখিল গগৈৰ সমস্ত বক্তব্য এক বিবৃতি যোগে সংবাদ মাধ্যমক অৱগত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ বিজেপিক উদ্দেশ্যে অখিলে কয়, তেওঁলোকে গণতন্ত্রক স্বৈৰতন্ত্ৰলৈ আৰু সমতাৰ ধাৰণাক সাম্প্ৰদায়িকতালৈ পৰ্যবসিত কৰিছে। সেইবাবেই সমগ্ৰ দেশৰ গণতান্ত্রিক ব্যক্তিসকলে এই বিজেপি-আৰআৰএছৰ বিৰোধীতা কৰিছে। ময়ো দেশৰ সেই গণতান্ত্ৰিক প্ৰমূল্যবোধত বিশ্বাস কৰা লক্ষ লক্ষ নাগৰিকৰ সমগোত্ৰীয়। ইয়াৰ বিৰোধিতা কৰিছো। আদালতত চলি থকা পুৰণি গোচৰ কিছুমানৰ উল্লেখেৰে মোক NSAত দিছে।
মোক অসম চৰকাৰে আলফা আৰু মাওবাদীৰ লগত সম্পৰ্ক থকা বুলিও অভিযোগ কৰিছে। মই আপোনালোকক জনাওঁ যে মই কোনো সশস্ত্র সংগঠনৰ লগত জড়িত নহওঁ। মোৰ দোষ হ'ল মই অন্যায়ৰ বিৰুদ্ধে মাত মাতিছো। মোৰ দোষ হ'ল মই গণতন্ত্র হত্যা কৰাসকলক প্ৰত্যাহ্বান জনাইছো বুলি কয় অখিল। কেৱল ইমানে নহয় অখিলে মই আমাৰ সংগঠনৰ পতাকাৰ তলত অসমৰ জনতাক সংগঠিত কৰি বিজেপি-আৰএছএছৰ প্ৰকৃত চৰিত্ৰ জনগণৰ সন্মুখত তুলি ধৰিছো বুলি কয়। ৰাইজে কথাবোৰ বুজি উঠিছে আৰু সেইবাবেই সিহঁতে ভয় খাই মোক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত গেপ্তাৰ কৰিছে।

মোৰ ভুল হ’ল, মই আপোচ নকৰোঁ। বহুত নেতাই কৰাৰ দৰে মই গোপনে শাসক শ্ৰেণীৰ লগত সহাৱস্থান নকৰো। ৰাইজক উদ্দেশ্যে অখিলে পুনৰ কয়, শ্ৰদ্ধাৰ ৰাইজ, মোক কাৰাবন্দী কৰি সিহঁতে নাগৰিকত্ব (সংশোধনী) বিধেয়ক-২০১৬ পাছ কৰি নি অসমলৈ ১ কোটি ৯০ লাখমান বাংলাদেশী আনিব খুজিছে। বাংলাদেশী নতুবা বিদেশী, বিদেশীয়ে। তাত ধৰ্মৰ কথা নাই। অসমীয়া ৰাইজে বিদেশীৰ বোজা ল'ব নোৱাৰে। এই কথা ৰাইজক বুজোৱাটোৱে মোৰ অপৰাধ। মোক বন্দী কৰি সিহঁতে বৃহৎ নদীবান্ধৰ কাম আগবঢ়াব খুজিছে।
সিহঁতে নদী সংযোগ কৰি অসমৰ পানী কাঢ়ি নিব খুজিছে। সিহঁতে অসমবাসীক শোষণৰ নাগপাশত চিৰদিন বন্দী কৰিম বুলি ভাবিছে। সিহঁতৰ এই উদ্দেশ্য বুমেৰাং হ’ব। সিহঁতে আমাৰ বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তন কৰিলে। ভীমৰ ভাও দিলেও কোনেও ইয়াৰ বিৰোধিতা নকৰিলে। সিহঁতে আমাৰ উত্তৰ পূব বিশেষ ঔদ্যোগিক নীতি বাতিল কৰিলে। সিহঁতে জিএছটি লগাই ৰাজ্যবোৰৰ অৰ্থনৈতিক অধিকাৰ সম্পূৰ্ণ কাঢ়ি নিলে। দিনে দিনে মূল্যবৃদ্ধি কৰি ভাৰতবাসীক শেষ কৰাৰ সংকল্প লৈছে। সিহঁতৰ এনে পুঁজিবাদী চক্ৰান্ত লুকুৱাবলৈ সিহঁতে হিন্দু-মুছলমানৰ সংঘাত-সংঘর্ষৰ এক নাটক ৰচি গৈছে।

আমাৰ বহুতো তাত ভুল হৈছে। আমাৰ ভুল হ’ল, আমি বিজেপি-আৰআৰএছৰ এই চক্ৰান্ত ৰাইজৰ সন্মুখত তুলি ধৰিছো। বক্তব্যৰ শেষৰ ফালে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক ক্ষৰধাৰ সমালোচনা কৰি সৰ্বানন্দ আৰু হিমন্ত বিশ্বক দিল্লীৰ ওচৰত বিক্ৰী গ'ল বুলি কয়। তেওঁলোক এতিয়া দিল্লীৰ পুতলা বুলি কোৱাৰ বাবে প্ৰচাৰ কৰি থকাৰ বাবেই সিহঁতে মোক আৰু কৃষক মুক্তিক নিয়ন্ত্ৰণ কৰিব খুজিছে। মোৰ বিশ্বাস অসমবাসীয়ে পৰিস্থিতিটো উপলব্ধি কৰিব।
মোৰ বিশ্বাস অসমবাসী এদিন সজাগ হ’ব। ওলাই আহিব মুক্তিৰ পণ লৈ, ৰাজপথ উত্তাল কৰিব। আমি অসমবাসীক সম্পূৰ্ণ জগাওঁ বুলি ভাবিয়েই মোক বন্দী কৰিছে। মোৰ বিৰুদ্ধে যিবোৰ অভিযোগ দিছে সম্পূৰ্ণ ভুৱা, মিথ্যাচাৰ। সিহঁতে দিনদয়াল উপাধ্যায়ৰ নামত কলেজ স্থাপনৰ জৰিয়তে জাতীয়তাক খেদি ৰাষ্ট্ৰীয়তাক সংস্থাপিত কৰিব খুজিছে। আমি ইয়াৰ বিৰুদ্ধে যুঁজিছোঁ আৰু সেয়াই আমাৰ দোষ। আপোনালোক ঐক্যবদ্ধ হওক। অসমবাসীক ঐক্যবদ্ধ কৰি অসমবাসীৰ অধিকাৰ থকা অসম এখন গঢ়াই আমাৰ লক্ষ্য। যোৱা ২৪ ঘন্টাত অখিলৰ এই বক্তব্য ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ একাংশ লোকে এই কথা খিনি পঢ়ি কাৰাৰুদ্ধ অখিলৰ আহ্বানক চিন্তা সহকাৰে লবলৈ আহ্বান জনায়৷