নলবাৰী ৰাস মহোৎসৱৰ উপহাৰ পত্ৰৰ কাৰ্যালয় মুকলি

নলবাৰীঃ আজি নিশা নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী হৰিমন্দিৰত আগন্তক ৮৪  সংখ্যক ৰাস মহোৎসৱৰ উপহাৰ পত্ৰৰ কাৰ্যালয়টো মুকলি কৰা হয়।

আনুষ্ঠানিক ভাবে কাৰ্যালয়টো মুকলি কৰে নলবাৰী সমষ্টিৰ বিধায়ক তথা ৮৪ সংখ্যক ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি অশোক কুমাৰ শৰ্মাই।

হৰিমন্দিৰ সমিতিৰ সাধাৰণ সম্পাদক নগেন ডেকা, উপহাৰ পত্ৰ পৰিচালনা সমিতিৰ সভাপতি শিশু ৰাম হালৈৰ উপস্থিতিত সম্পাদকদ্বয় অশোক কুমাৰ দাস আৰু কৈলাশ মেধিয়ে আঁত ধৰা অনুষ্ঠানত হৰিমন্দিৰ সমিতিৰ সভাপতি চন্দ্ৰ কলিতা সহ বহু সংখ্যক লোক উপস্থিত থাকে।