ওদালগুৰিত মহাসপ্তমীত ভক্তৰ ভিৰ

ওদালগুৰিঃ অাজি মহাসপ্তমী উপলক্ষে ৰাজ্যজুৰি দুৰ্গা পূজাৰ মণ্ডপসমূহত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে৷ আজি সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰি চহৰখনতো মা দুৰ্গাৰ অাৰ্শীবাদ ল’বলৈ অসংখ্য ভক্তৰ লানি নিছিগা সোত বোৱা পৰিলক্ষিত হয়৷ ঢাক-ঢোল, শংখ, উৰুলী ধ্বনিৰে সমগ্ৰ ওদালগুৰি চহৰত এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। 

ওদালগুৰিৰ প্ৰতিখন পূজা মণ্ডপ সমিতিয়ে আটক ধুনীয়াকৈ নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে৷ যাৰ বাবে প্ৰতিখন মণ্ডপতে অসংখ্য জনৰ সমাগম ঘটা দেখিবলৈ পোৱা যায়৷ আনহাতে পূজাৰ সময়ছোৱাত সমূহ ৰাইজে যাতে শান্তি-অানন্দৰে পূজা উপভোগ কৰিব পাৰে সেই ক্ষেত্ৰত ওদালগুৰি জিলা প্ৰশাসনে বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷