
কাজিৰঙাঃ ধান খাই মুৰ্গী ক’ত পলাব৷ পলাব নোৱাৰিলে কাজিৰঙাত ডকাইতি সংঘটিত কৰা তিনি ধৃত ডকাইতো৷ ব্যৱসায়ীৰ মূৰত বন্দুক লগাই কাজিৰঙাৰ কুঠৰীত ডকাইতি কাণ্ড সংঘটিত কৰা তিনি দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হ’ল কাজিৰঙা বাগৰি আৰক্ষীৰ এটা দলে৷
মঙলবাৰে কুঠৰীৰ মোবাইল দোকান এখনৰ স্বত্বাধিকাৰী জিতু চাহু নামৰ ব্যক্তিজনে নিশা দোকান বন্ধ কৰি ঘৰলৈ আহি থকাৰ সময়তে তিনি দুৰ্বৃত্তই বন্দুক দেখুৱাই কাঢ়ি নিছিল ৫০ টা ম'বাইল হেণ্ডচেট, চাৰিটা লাপু ম'বাইল, ৩৫ হাজাৰ টকা মূল্যৰ ৰিচাৰ্জ কাৰ্ড আৰু নগদ ১২,০০০ টকা।
এই ঘটনা সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পাছত বাগৰি আৰক্ষী তৎপৰ হৈ পৰে৷ বুধবাৰে নিশা আৰক্ষী বিষয়া বিৰাজ মোহন ডেকাৰ নেতৃত্বত বাগৰি আৰক্ষীয়ে এক অভিযান চলাই শেষ পৰ্যন্ত ধৃত তিনি ডকাইতক আটক কৰিবলৈ সক্ষম হয়৷
কুঠৰীৰ নবীন হুচেইন, আমিৰ হুচেইন আৰু ইমৰাজুল হক নামৰ ধৃত ডকাইত কেইটাৰ পৰা জিতু চাহুৰ পৰা লুটি নিয়া প্ৰায় অৰ্ধেক সংখ্যক সামগ্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷