বন্ধ এটিএম খোল খালে বৰপথাৰত

দেউপানীঃ দুৰ্গা পূজাৰ সময়ত কাৰ্বি আংলং জিলাৰ শিলনীজানত এটিএম বিকল হৈ থকাত ৰাইজৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি হয়৷ অচল এটিএমৰ বাবে ৰাইজ সৰৱ হৈ পৰে৷

কাৰ্বি আংলং জিলাৰ শিলনীজান-বৰপথাৰৰ এটিএমবিকল হৈ থকাৰ বাতৰি সংবাদ মাধ্যমতো প্ৰকাশ পায়৷ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছতে সাৰ পায় বেংক কৰ্তৃপক্ষ৷ যাৰ ফলত ইউকো বেংকৰ এটিএম বুধবাৰে খোলা থাকে নিশাৰ ভাগলৈ৷

উল্লেখ্য যে, শিলনীজান চাৰি আলিত থকা ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এটিএম স্থাপন কৰা বহু দিন পাৰ হ’ল যদিও আজি পৰ্যন্ত গ্ৰাহকৰ বাবে মুকলি কৰা পৰিলক্ষিত নহ’ল৷ যাৰ ফলত অঞ্চলটোৰ গ্ৰাহক সকলে টকা উলিয়াবলৈ বহু দূৰলৈ যাব লগাত পৰে৷ তাৰ বিপৰীতে এটিএমটো কৰ্তৃপক্ষৰ অৱহেলাৰ অভাৱত মামৰে ধৰিব আৰম্ভ কৰে৷

শাৰদীয় দুৰ্গা পূজাৰ বতৰত এটিএমটো অচল হৈ থকাত পূজা উদযাপনৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয় একাংশ বেংকৰ গ্ৰাহক৷ আনফালে অঞ্চলটোত থকা ইউকো এটিএমটো প্ৰায়ে বন্ধ থকাৰ বাবে গ্ৰাহক সকলে টকা উলিয়াবলৈ বহু দুৰলৈ যাব লগা হয়৷ বুধবাৰে NewsNextOne.comত এই বাতৰি প্ৰকাশ পোৱাৰ পিছতে গাত তত আহে বেংক কৰ্তৃপক্ষৰ৷

যাৰ ফলত বুধবাৰে নিশা পৰ্যন্ত খুলি ৰখা হয় বৰপথাৰৰ শান্তিপুৰস্থিত ইউকো বেংকৰ এটিএমটো৷ এটিএমটো নিতৌ নিশালৈকে খুলি ৰাখি বেংকৰ গ্ৰাহক সকলক ২৪ ঘন্টাই সেৱা প্ৰদান কৰিবলৈ বেংক কৰ্তৃপক্ষক আহ্বান জনাইছে৷