আজি মহাঅষ্টমী, তেজপুৰত মহাঅষ্টমীৰ উছাহ

তেজপুৰ টাউনঃ মহাসপ্তমীত দেৱীৰ কালৰাত্ৰী ৰূপৰ পূজাৰ পিছত আজি শক্তিৰ অধিস্থাত্ৰী দেৱী দুৰ্গাই ধাৰণ কৰিব কালীৰ-অষ্ট নায়িকা ৰূপ। আজি বধ কৰিব চণ্ড-মুণ্ড ৰক্তবীজক অাৰু আজিৰে পৰাই আৰম্ভ হ’ব বিভিন্ন থান-দেৱালয় সমূহত বলীবিধান লগতে কনো কনো মণ্ডপত কুমাৰী পূজাও অনুস্থিত কৰা হব।

সন্ধিয়া ৬-৫৫ পৰা আৰম্ভ হ’ব মহাঅষ্টমীৰ সন্ধিক্ষণ আৰু এই সময়তে বধ কৰিছিল দেৱীয়ে মহিষাসুৰক।সেয়েহে অসূয়া-অশান্তি দূৰ হোৱাৰ বাবে প্ৰাৰ্থনা জনাবলৈ পূৱাৰে পৰা তেজপুৰৰ বিভিন্ন মণ্ডপ সমূহত অগণন ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে। তেজপুৰৰ ঐতিহ্যমন্দিত ভৈৰৱী মন্দিৰতো আজি মহঅষ্টমী উপলক্ষ্যে অগণন ভক্তৰ ভিৰ হয়।

পৰম্পৰা অনুসৰি অষ্টমী, নৱমী দুয়োটা দিনতে এই দেৱালয়ত বলি বিধান সম্পন্ন কৰা হয়। প্ৰথমে ভৈৰৱী পূজা তাৰ পিছত দেৱী দূৰ্গাৰ পূজা-অৰ্চনা কৰা হয়।

ভৈৰবী দেৱালয়ৰ পূজা-অৰ্চনা সমূহ অন্য দেৱালয়ৰ তুলনাত ব্যতিক্ৰম কিয়নো ইয়াত থকা দূৰ্গা দেৱীৰ স্থায়ী মূৰ্তিত পূজা-অৰ্চনাৰ পিছত জৈৱ নিধন কৰি দেৱীক আমন্ত্ৰণ কৰা হয় যদিও বিসৰ্জনৰ যি পৰম্পৰা থাকে তাত কেৱল নৱপত্ৰিকাহে বিসৰ্জন দিয়া হয়।