
গৌৰীসাগৰঃ আজি মহাঅষ্টমীৰ দিনটোত ঐতিহ্যনগৰী শিৱসাগৰ জিলাৰ দিখৌমুখৰ ৰামখাপীঠ আৰু শিৱসাগৰৰ দেৱীদ'লত পৰম্পৰাগত হাঁহ, ছাগলী, কুঁহিয়াৰ, কোমোৰা আদি বলি বিধানেৰে শক্তিৰ আধিষ্ঠাত্রী দেৱীক পূজা অৰ্চনা কৰা হয়৷
শক্তিৰ অধিষ্ঠাত্রী দেৱীৰ সেৱা ল’বলৈ মহাষ্টমীত ভক্তৰ বিশাল সমাগম দেখা গৈছে৷ ঐতিহাসিক দিখৌমুখৰ দেওঁঘৰীয়াত অৱস্থিত মহাসতী পাৰ্বতীৰ স্মৃতি বিজড়িত বক্ষ প্রতিষ্ঠাপিত হৈ থকা ৰামখাপীঠত ঐতিহাসিক পৰম্পৰাগত বলি বিধানেৰে পালন কৰা হয় দূৰ্গা পূজাৰ৷
অতি উলহ মালহেৰে আয়োজন কৰা এই পূজাত সমাগম ঘটে অসংখ্য ভক্তপ্ৰাণ ৰাইজৰ৷ স্বৰ্গদেৱ চুকাফাই প্রতিষ্ঠা কৰা তথা ৰজা লক্ষ্মীসিংহই পুনৰ নিৰ্মাণ কৰা এই দেৱালয়ত দেৱীক স্বৰ্গদেউ সকলৰ পৰম্পৰাগত প্রথাৰে পূজা পাৰ্বন কৰা হাজাৰ বছৰ অতিক্রম কৰিছে বুলি জানিবলৈ দিছে আয়োজক সমিতিয়ে৷
অৱশ্যে মানৰ আক্রমনৰ সময়ত এই পীঠৰ পূজা নাইকীয়া হৈছিল যদিও পুনৰ পৰৱৰ্তী পৰ্য্যায়ত এই পূজা পালন কৰা হয়৷ এইবাৰো দেশী-বিদেশী পৰ্যটকেৰে ভৰি পৰিছে ৰামখা পীঠ দেৱালয়৷
আনহাতে আজি মহাঅষ্টমী উপলক্ষ্যে নিশাৰ ভাগলৈ ত্রিলোচন গোষ্ঠীৰ দ্বাৰা ভাওঁনা অনুষ্ঠিত কৰা হ’ব বুলি জানিবলৈ দিছে পূজা আয়জক সমিতিয়ে৷