নাৰী শক্তি, ডিফুত দৰিদ্ৰ নাৰীক পূজা সমিতিয়ে বিতৰণ কৰিলে শাৰী

ডিফুঃ আজি শাৰদীয় দুৰ্গা পূজাৰ অষ্টমী৷ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ ডিফু চহৰতো দূৰ্গতিনাশিনী মা দুৰ্গাৰ আৰাধনাত ব্যস্ত হৈ পৰিছে ভক্তপ্ৰাণ সকল৷ ডিফুৰ বিভিন্ন পূজা মণ্ডপ সমূহৰ ভিতৰত অন্যতম ডিফু চহৰৰ হৃদয়স্থলীত থকা ডিফু বাজাৰ দুৰ্গা পূজা সমিতি৷

প্ৰতি বছৰৰ দৰে এই বছৰো ডিফু বজাৰ দুৰ্গা পূজা সমতিয়ে দৰিদ্ৰ মহিলা সকললৈ শাৰী কাপোৰ বিলাই এক ব্যতিক্ৰমী কাৰ্যসূচী লৈ পূজা সমিতিৰ লগতে পূজা মণ্ডপৰো গৰিমা বৃদ্ধি কৰিলে৷

আজি পুৱা সমিতিয়ে বস্ত্ৰ বিতৰণৰ বাবে এক অনুষ্টুপীয়া কাৰ্যসূচী গ্ৰহণ কৰা দেখা যায়৷ সকলো সম্প্ৰদায়ৰ দৰিদ্ৰ মহিলাৰ মাজত বস্ত্ৰ বিতৰণ কৰি পূজা সমিতিটোৱে সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰে৷

উক্ত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে স্থানীয় বিধায়ক ছুম ৰংহাঙ, সন্মানীয় অতিথি দ্বয় ক্ৰমে কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক ড০ জিভি শিৱ প্ৰসাদ আৰু জীৱন বীমা নিগমৰ উচ্চ পদস্ত এজেণ্ট নিৰ্মল ভীম চুৰীয়া, সভাপতি অশোক দাস, কাৰ্যকৰী সদস্য ৰামজী লাল মুণ্ড উপস্থিত থাকে৷

দৰিদ্ৰ মহিলা সকললৈ শাৰী বিতৰণ কৰি দিয়া ভাষণ প্ৰসংগত বিধায়ক ছুম ৰংহাঙ আৰু এছপি ড০ জিভি শিৱ প্ৰসাদে পৱিত্ৰ শাৰদীয় দুৰ্গোৎসৱৰ সময়ত চহৰবাসীয়ে আইন-শৃংখলা বজাই ৰাখি শান্তিপূৰ্ণ ভাৱে পূজা উদযাপন কৰিবলৈ আহ্বান জনায়৷

আনহাতে জিলাখনত শাৰদীয় দূৰ্গা পূজা, জ'নেল কাৰ্বি য়ুথ ফেষ্টিভেল সমান্তৰালভাৱে উদযাপিত হৈ থকাৰ বাবে শাৰদীয় উৎসৱটিয়ে এক নৱৰূপ লাভ কৰিছে৷