কাবুল বিমান বন্দৰত আক্ৰমণ, স্পাইচজেট বিমান সহ ৰক্ষা পৰিল ভাৰতৰ ১৮০ যাত্ৰী

ডিজিটেল ডেস্কঃ আফগানিস্তানৰ কাবুল বিমান বন্দৰত উগ্ৰপন্থীৰ ভয়াবহ আক্ৰমণ৷ দিল্লী অভিমুখী বিমানত ৰকেটেৰে আক্ৰমণ কৰে উগ্ৰপন্থী সংগঠন তালিবানে৷ কথমপি প্ৰাণ ৰক্ষা পৰে ১৮০গৰাকী ভাৰতীয় যাত্ৰীৰ৷ জানিব পৰা মতে, দিল্লী অভিমুখী স্পাইচজেটৰ ১৮০গৰাকী যাত্রী সহ উৰা মৰাৰ সময়তে ৰকেটেৰে আক্ৰমণ কৰে তালিবানে। স্পাইচজেটৰ বোয়িং-৭৩৭ নম্বৰৰ দিল্লী অভিমুখে উৰাৰ মৰাৰ সময়তে আক্ৰমণ কৰাত হুৱাদুৱা লাগে৷

বিমানবন্দৰ কৰ্তৃপক্ষই তথা স্থানীয় কাবুল প্ৰশাসনে ভাৰতৰ যাত্রীসকলক নিৰাপদ স্থানলৈ প্ৰেৰণ কৰে৷ স্পাইচজেটৰ মুখপাত্রৰ মতে, আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ সময়তে যাত্ৰীৰ বোর্ডিং প্রায় সম্পৰ্ণ হৈছিল। তাৰ পিছতে যাত্ৰীসকলক সুৰক্ষাৰ স্বাৰ্থত বিমানৰ পৰা নমাই অন্য ঠাইলৈ স্থানান্তৰিত কৰে৷ ৰকেট আক্ৰমণৰ পিছৰে পৰা বিমান চলালচল বন্ধ কৰি দিয়া হয়৷

মাৰ্কিন প্ৰতিৰক্ষা সচিব জিম মাটিচ কাবুলত আহি উপস্থিত হোৱাৰ সময়তে আক্ৰমণ সংঘটিত হয়৷ আক্ৰমণৰ ঘটনাত কোনো লোক হতাহত হোৱা নাই। তালিবানে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰে টুইটাৰ যোগে৷ মাৰ্কিণ প্ৰতিৰক্ষা সচিব মাটিচক লক্ষ্য কৰি আক্ৰমণৰ কৰিছিল তালিবানে৷ তালিবানৰ ৰকেট আক্ৰমণ এয়াই প্ৰথম নহয়৷ ইয়াৰ পুৰ্বেও কেবাবাৰো ৰকেটেৰে আক্ৰমণ কৰিছিল উগ্ৰপন্থী সংগঠনটোৱে৷ ২০১৪ চনৰ জুলাই মাহত তালিবানে কাবুল বিমান বন্দৰত আক্ৰমণ কৰাৰ সময়তো ভাৰতীয় স্পাইচজেটৰ বিমান উৰণৰ বাবে সাজু হৈ আছিল৷