
নাহৰকটীয়াঃ আজি মহা অষ্টমী। সমগ্ৰ ৰাজ্যৰ লগতে আজি মহা অষ্টমীৰ পবিত্ৰ দিনটোত নাহৰকটীয়াৰ বিভিন্ন পূজা মণ্ডপতো দেখা গ’ল ভক্তৰ লানি নিচিগা সোত৷ ধৰ্মীয় অনুভূতিৰে জীপাল হৈ শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মা দুৰ্গাৰ শ্ৰী চৰণত এপাহ ফুল অৰ্পণ কৰি মনোবাঞ্চা পূৰণৰ বাবে প্ৰাৰ্থনা কৰিছে ভক্তপ্ৰাণ ৰাইজে৷
আনহাতে ভক্তক আকৰ্ষন কৰিবলৈ তৎপৰ হৈ পৰিছে পূজা সমিতি সমূহো৷ জাক জমকতাৰে আটক ধুনীয়াকৈ পূজা সমিতি সমূহে সাজি উলিয়াইছে পূজা মণ্ডপসমূহ৷ বিভিন্ন ৰূপৰ কাৰীকৰী কৌশলৰে নিৰ্মান কৰা প্ৰতিমা আৰু বিভিন্ন আন আন বিষয়বোৰে দৰ্শনাৰ্থীসকলক আকৰ্ষিত কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে৷
আনফালে ভক্তৰ সমাগমলৈ লক্ষ্য ৰাখি নাহৰকটীয়া প্ৰশাসনে বিশেষ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে৷ পূজাৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয়, তাৰ প্ৰতি বিশেষ নজৰ ৰাখিছে প্ৰশাসনে৷