
বটদ্ৰৱা/জাজৰিঃ বটদ্ৰৱাত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মোৎসৱ৷ তিনিদিনীয়া কাৰ্যসূচীৰে জন্মস্থান দ্বিতীয় বৈকুণ্ঠপুৰী শ্ৰীশ্ৰী বটদ্ৰৱা থানত আৰম্ভ হোৱা জন্মোৎসৱত পুৱাৰে পৰা বিভিন্ন স্থানৰ তীৰ্থযাত্ৰীৰে গুৰুজনাৰ জন্মস্থান ভৰি পৰে৷ শুকুৰবাৰে পুৱা ৩-৩০ বজাত তাল কোবোৱা প্ৰসংগৰে আৰম্ভ হয় জন্মোৎসৱ।
৪ বজাত মঞ্জিৰা নাম, পুৱা ৮ বজাত আই সকলৰ নাম, পুৱা ১০ বজাত খোল প্ৰসংগ, ১১ বজাত নাম প্ৰসংগ, ২ বজাত গুৰু চৰিত পাঠ কৰিব শ্ৰীশ্ৰীশলগুৰি সত্রৰ ডম্বৰুধৰ বৰ নামলগোৱাই। সন্ধিয়া ৬ বজাৰ পৰা পবিত্র আকাশী গংগাৰ পাৰত অনুষ্ঠিত হ’ব লগা সত্রীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উপ-সভাপতি দেৱানন্দ দেৱ গোস্বামীয়ে।

শনিবাৰে পৰম্পৰাগত মাংগলিক অনুষ্ঠানৰ লগতে পুৱা ৯ বজাত সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰিব থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি হৰেন্দ্ৰ কুমাৰ দেৱ মহন্তই। নিশা ৯ বজাত শ্ৰীশ্ৰী নৰোৱা সত্রৰ ৰাইজে মঞ্চস্থ কৰিব "বলি চলন" ভাওনা। দেওবাৰে দিনৰ ১ বজাত অনুষ্ঠিত হব ধৰ্মালোচনী সভা। থান পৰিচালনা সমিতিৰ সভাপতি পৰমানন্দ দেৱ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হ’ব লগা ধৰ্মালোচনী সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকিব ৰাজ্যপাল বানোৱাৰী লাল পুৰোহিত।
থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ব্ৰজেন কাকতিয়ে আদৰণি ভাষণ দিব লগা সভাত বিশিষ্ট অতিথি হিচাবে অসমৰ বিত্ত, স্বাস্থ্য, শিক্ষা বিভাগৰ মন্ত্রী হিমন্ত বিশ্ব শৰ্মা, বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকা, বিধায়ক ৰূপক শৰ্মা, ডিম্বেশ্বৰ দাস, ৰমাকান্ত দেউৰী, জয়ন্ত মল্ল বৰুৱা উপস্থিত থকাৰ লগতে নিদ্দিষ্ট বক্তাৰ ভাষণ ৰাখিব নাগালেণ্ডৰ বিশিষ্ট পণ্ডিত লমবিত বৰুৱাই।
ইফালে শুকুৰবাৰে গুৰুজনাৰ জন্মস্থানত উপস্থিত হয় কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ। দুপৰীয়াৰ ভাগত থানত উপস্থিত হৈ ভকত, বৈষ্ণৱ, আইসকলৰ সৈতে নাম প্ৰসংগত ভাগ লৈ আশীৰ্বাদ গ্ৰহণ কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে৷
সাংসদ গগৈয়ে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ সৈতে আলোচনাত মিলিত হৈ সাংসদ উন্নয়ন পুঁজিৰ পৰা ১০০ কিলোৱাট শক্তি সম্পন্ন শব্দ বিহীন জেনেৰেটৰৰ বাবে ১০ লাখ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে৷ পৰিচালনা সমিতিৰ হৈ সম্পাদক ব্ৰজেন কাকতিয়ে সাংসদগৰাকীক ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰি এখনি ধৰ্মবস্ত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে৷