
নগাঁওঃ চৌদিশে এতিয়া ৰং৷ নানা ৰঙৰ সমাহাৰ৷ ৰং চঙীয়া পূজা মণ্ডপ৷ দোকানে দোকানে পূজাৰ ৰং-চঙীয়া সামগ্ৰী৷ প্ৰায় সংখ্যাকৰ দেহত ৰং-চঙৰ বস্ত্ৰ৷ কিন্তু তাৰ মাজতো এই ৰঙে চুব পৰা নাই একাংশ লোকক৷ বানপানীত ক্ষতিগ্ৰসিত ৰাজ্য খনৰ শ শ পৰিয়ালে দুৰ্গা পূজাৰ কথা ভাবিবৰ বাবে সময় নাপায়৷ তেওলোকৰ সতি-সন্ততীয়ে টকাৰ অভাৱত ঘৰতে সময় পাৰ কৰিছে৷
উজনি-নামণিৰ বহু পৰিয়ালৰ কিশোৰে পূজাত দিয়া অস্থায়ী দোকানত কাম কৰি থকা পৰিলক্ষিত হৈছে৷ আমোলমোল শেৱালিৰ গোন্ধ, উন্মনা হৈ পৰা কহুঁৱা বনৰ লয়লাস ভংগিমা তথা কুঁৱলিৰ আচ্ছাদন ফালি ওলাই অহা মিঠা ৰ’দৰ পোহৰে সৃষ্টি কৰা এটি মনোমোহা পৰিৱেশৰ মাজতেই অহা শাৰদীয় দুৰ্গোৎসৱক কেন্দ্ৰ কৰি সকলোতে দেখা গৈছে পাৰভঙা উছাহ ৷
দুৰ্ভাগ্য-দুৰ্দিন, বানপানীৰ কথা সকলো একাষৰীয়া কৰি সৰ্বত্ৰে চলিছে দেৱী বন্দনা ৷ ষষ্ঠীত দেৱী প্ৰতিষ্ঠা কৰাৰে পৰা পাঁচদিন ধৰি চলা এই পূজাত দেৱীৰ ওচৰত প্ৰণিপাত জনাবলৈ পূজা মণ্ডপবোৰত ভক্তবৃন্দই ভিৰ কৰিছে ৷ সকলোৰে আশা যেন কৰুণাময়ী দেৱীয়ে সুন্দৰতাৰে ভৰাই দিব গোটেই ধৰা ৷ ইফালে, দেৱী পূজাৰ সমান্তৰালভাবে চৌদিশে যেন সৌন্দৰ্যৰো বৰ্ণনা ৷
পূজা মণ্ডপ, দেৱী প্ৰতিমাৰো সুন্দৰ আৰু আকৰ্ষণীয়ভাবে সজাই-পৰাই তোলাৰ অঘোষিত প্ৰতিযোগিতা ৷ উল্লেখ্য,ৰং-ৰহইচৰে ভৰা এই দূৰ্গা পূজা সকলো শ্ৰেণীৰ লোকৰ বাবেই অতীজৰে পৰা অন্যতম আকৰ্ষণীয় উৎসৱ হিচাপে পৰিগণিত হৈ আহিছে ৷ সকলোয়ে সামৰ্থ অনুযায়ী এই পূজাৰ দিনকেইটাত বিৰাট আনন্দ আৰু স্ফুৰ্তি-তামাচাৰে নিজকে বিলীন কৰি দিয়ে ৷
বহু দিনৰে পৰা পৰম আশাৰে বাট চাই থকা এই পূজাৰ বাবেই ক্ৰয় কৰে নতুনকৈ এসাজ কাপোৰ আৰু সেই কাপোৰ পৰিধান কৰি পূজাৰ মণ্ডপে মণ্ডপে গৈ দেৱী দৰ্শন কৰি আনন্দত আত্মহাৰা হৈ পৰে৷ লোভনীয় জিলাপী আন আন মিঠাইৰ সোৱাদ লৈ জ্যেষ্ঠ-কণিষ্ঠ সকলোয়ে পূজা উপভোগ কৰাৰ বিপৰীতে কণ কণ শিশুসকলে বেলুন, পুতলা, পিষ্টল, খেলনা গাড়ী আদি লৈ মধুৰ তৃপ্তি অনুভৱ কৰে৷ কিন্তু পূজাকেন্দ্ৰীক এনে আনন্দ-উছাহে হ’লে স্পৰ্শ কৰিব নোৱাৰে বাবু-মুন্না-ভাইটিহঁতৰ দৰে এচাম শিশুক৷
কিয়নো একমাত্ৰ দৰিদ্ৰতাই কোঙা কৰা এইসকল শিশুয়ে অনিচ্ছা সত্ত্বেও পূজাৰ স্ফূৰ্তি-তামাচাৰ পৰা আঁতৰি থাকিবলৈ বাধ্য হয় পেটৰ ভাত মুঠিৰ বাবেই ৷ আয়তিৰ উৰুলি আৰু সঘনে উচ্চাৰিত বেদমন্ত্ৰৰ ধ্বনিৰ লগতে ঢাকৰ শব্দই ৰজনজনাই সৃষ্টি কৰা এক অনুপম পৰিবেশত উটি-ভাহি ফুৰিবলৈ সময় নোপোৱা এইসকল পৰিশ্ৰমী দুখীয়া পৰিয়ালৰ শিশুয়ে এই সময়ছোৱাত ব্যস্ত থাকে গ্ৰাহকক শুশ্ৰূষা কৰা কাৰ্যত৷ পূজা চাবলৈ অহা লোকসকলে বন্ধু-বান্ধৱ নতুবা পৰিয়ালৰ লোকৰ সৈতে একাপ চাহ বা কফি তথা আন পাতল আহাৰ খাবৰ বাবে যোৱা হোটেল,ধাবা,ৰেষ্টুৰা আদিত কাম কৰে শ্ৰমিক হিচাপে এইসকল কষ্টসহিষ্ণু শিশুয়ে ৷
সেয়ে গ্ৰাহকক বিচৰা অনুসৰি খাদ্য যোগান ধৰি অহা এই শিশুসকলে আন দিনৰ তুলনাত এই উৎসৱৰ দিনকেইটাত পুৱাৰে পৰা দুভাগ নিশালৈকে অত্যন্ত ব্যস্ত থাকিবলগীয়া হোৱাৰ হেতু পূজা উপভোগৰ পৰা বঞ্চিত হ’বলগীয়াত পৰে ৷কিন্তু এনেদৰে কঠোৰ পৰিশ্ৰমেৰে পেটৰ আহাৰ যোগাৰ কৰি অহা এইবোৰ শিশুয়ে হ’লে প্ৰায়েই মালিকৰ শাৰিৰীক-মানসিক অত্যাচাৰৰ জৰ্জৰিত হৈ খুব কম পাৰিশ্ৰমিকেৰে এটি বেদনাদায়ক জীৱনহে অতিবাহীত কৰি আহিলেও এই বিষয়ে ভবাৰ যেন কাৰোয়েই আহৰি নাই ৷