
কামপুৰঃ দুৰ্গা দেৱীক পূজা কৰি নাৰীক শক্তিৰূপে চিহ্নিত কৰাৰ সময়তে ৰাজ্যত এগৰাকী অৱলা নাৰীয়ে স্বামীৰ হাতত প্ৰাণ দিয়াৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যত৷ ৰাজ্যৰ চৌদিশ দুৰ্গা বন্দনাত ব্যস্ত হৈ থকাৰ সময়তে নগাঁও জিলাৰ কামপুৰত এজন লোকে অসুৰ ৰূপ ধাৰণ কৰি পত্নীক হত্যা কৰে।
নগাঁৱৰ বেবেজীয়া থানাৰ অন্তৰ্গত বৰক'লা পালেংতলিত সংঘটিত হৈছে এই কৰুণ ঘটনা। গাঁওখনৰ ৰাণা বৰদলৈ নামৰ লোকজনে প্ৰায়ে পত্নী সাবিত্ৰী বৰদলৈৰ সৈতে কাজিয়াত লিপ্ত হৈ আহিছিল৷
সৰু সৰু কথাক লৈ প্ৰায়ে কাজিয়াৰ সূত্ৰপাত হৈ অহাৰ মাজতে শুকুৰবাৰে অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হয় সাবিত্ৰী৷ সাবিত্ৰীৰ পৰিয়ালে স্বামী ৰাণা বৰদলৈয়ে সাবিত্ৰীক কেৰাচিন ঢালি জীৱন্তে জ্বলাই দি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে। এই ঘটনাক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷
স্বামীয়ে পৰিকল্পিতভাৱে কেৰাচিন ঢালি পত্নীক জীৱন্তে জ্বলাই দিয়ে বুলি অভিযোগ উঠে। ঘটনা সংঘটিত হোৱাৰ পিছতে স্বামী ৰাণা বৰদলৈয়ে পলায়ন কৰে। বেবেজীয়া আৰক্ষী চকীত সাবিত্ৰী বৰদলৈৰ পৰিয়ালৰ এজাহাৰ দাখিল কৰি হত্যাৰ অভিযোগ উত্থাপন কৰে। ৰাণা বৰদলৈক আটক কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷