পত্নী, ৫ মহীয়া সন্তানৰ সন্মুখতে প্ৰাণ গ’ল হেমন্তৰ

তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ন-মাইথঙত পথ দুৰ্ঘটনা সংঘটিত হৈ এজন লোকৰ মৃত্যু হয়৷ প্ৰত্যক্ষদৰ্শীসকলে জনোৱা মতে তীব্ৰবেগী এখন মাৰুটি এ-ষ্টাৰৰ ভেছপাৰ সৈতে মুখামুখি সংঘৰ্ষৰ সূত্ৰপাত হয়।

ফলত ভেছপা আৰোহী হেমন্ত সোণোৱালৰ থিতাতে মৃত্যু হয়৷ জানিব পৰা মতে, ভেছপা আৰোহী হেমন্তই পত্নী আৰু পাঁচমহীয়া সন্তানক লৈ কাকপথাৰ দিশৰ পৰা আহি আছিল। সেই সময়তে এ-ষ্টাৰখনে তীব্ৰ জোৰে খুন্দা মাৰে৷

ফলত হেমন্তসহ পৰিয়ালটো বহু দূৰলৈ ছিটিকি যায়৷ হেমন্তৰ থিতাতে মৃত্যু হয় যদিও কথমপি প্ৰাণৰক্ষা পৰে পত্নী ৰেশমা সোণোৱাল আৰু পাঁচমহীয়া সন্তানটোৰ৷