
লংকাঃ হোজাই জিলাৰ লংকাৰ পল্লীত পথত বিদ্যুতৰ তাৰ পৰি থকাত শংকিত কৰিছে অঞ্চলবাসী৷ পথত পৰী থকা তাৰত লাগি ইতিমধ্যে দুটাকৈ পশুধনৰ মৃত্যু হৈছে৷ জানিব পৰা মতে, বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে বিদ্যুৎৰ তাৰ শুকুৰবাৰে নিশাই ছিঙি পৰে৷
মেৰামতি তথা তদাৰক নকৰাৰ ফলত তাৰ ছিঙি পৰি থকাত লংকাৰ আদর্শ পল্লীৰ এঘৰ লোকৰ দুটাকৈ পশুধনৰ তাৰত লাগি মৃত্যু হয়৷ তাৰ ছিঙি পৰি থকা বুলি স্থানীয় লোকে গম পোৱা নাছিল যদিও পশু ধনৰ মৃত্যুৰ পিছতে তাৰ ছিঙা কাণ্ড পোহৰলৈ আহে৷
পশু ধনৰ মৃত্যু নহলে তাৰ ছিঙি পৰি থকাৰ কথা গম নোপোৱাৰ ফলত বিদ্যুৎস্পৃষ্ট হৈ মানুহৰ প্ৰাণ যোৱাটো প্ৰায় খাতাং আছিল৷ কএকপ্ৰকাৰ কবলৈ গলে প্ৰাণ ৰক্ষা পৰিল বহু লোকৰ। আনহাতে বিদ্যুৎ বিভাগৰ লোকে ঘটনা স্থলীত উপস্থিত নোহোৱাক ৰাইজ ক্ষোভিত হৈ পৰিছে৷