ৰাইনু নহয়, পিপৰা দোকানত চুলাই

ছিপাঝাৰঃ ৰাজ্য চৰকাৰৰ ৰাইনু মদক প্ৰত্যাহ্বান জনাই ঘৰত চুলাই মদ  তৈয়াৰ কৰি ব্যৱসায় কৰি থকাসকল সাৱধান৷ বিশেষকৈ দৰং জিলাৰ মদ ব্যৱসায়ী সকল সাৱধান হবৰ হ’ল৷ কিয়নো এইবাৰ ৰাইজে খোদ চলাইছে মদ ব্যৱসায়ীৰ বিৰুদ্ধে ব্যাপক অভিযান৷

দৰং জিলাৰ পিপৰা দোকানবাসীয়ে স্থানীয় গাঁওবুঢ়াৰ নেতৃত্বত এই অভিযান আৰম্ভ কৰিছে৷ শনিবাৰে পুৱতি নিশা ৪-৩০ বজাত একাংশ যুৱকে ৰাজ পথলৈ ওলাই আহি এই অভিযান আৰম্ভ কৰে৷ ৰাইজৰ অভিযানত ধৰা পৰিল অবৈধ চুলাই মদৰ ব্যৱসায়ী।

১৫০ লিটাৰ চুলাই মদ সহ ধৰা পৰিল প্ৰবীন বড়ো আৰু মুকুট বড়ো। চুলাই মদ সহ দুয়োকে ধৰি যুৱকেসকলে আইন হাতত তুলি নলৈ দৰং জিলাৰ আৱকাৰী বিভাগক খবৰ দিয়ে৷ আৱকাৰী বিভাগে মদ সহ যুৱকদুজনক পিপৰা দোকানলৈ আহি লৈ যায়। যুৱক দুজনে মূদৈবৰীৰ পৰা বস্তাত লৈ আহিছিল অবৈধ চুলাই মদৰ কেবাটাও তোপোলা৷ পিপৰা দোকান অঞ্চলত একাংশ লোকে দীৰ্ঘদিন ধৰি চুলাইৰ বেহা চলাই থকা অভিযোগ উত্থাপিত হৈ অহাৰ পিছতো আৰক্ষী আৰু আৱকাৰী বিভাগে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উঠিছে৷